হিমা দাসে অ’লিম্পিকৰ বাবে যোগ্যতা অৰ্জন এতিয়া অনিশ্চয়তাৰ আৱৰ্তত

pc Times of India

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতীয় দৌৰবিদ হিমা দাসে শনিবাৰে পাটিয়ালাত চলি থকা ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক এথলেটিকছ চেম্পিয়নশ্বিপত ১০০ মিটাৰ দৌৰৰ সময়ত পেশী-সংকোচনত ভোগা দেখা যায়। ২১ বছৰীয়া যুৱতিগৰাকীয়ে ১২.০১ ছেকেণ্ড সময় লৈ প্ৰতিযোগীতাত তৃতীয় স্থান লাভ কৰি শনিবাৰে সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে। কিন্তু, খিতাপৰ বাবে প্ৰতিযোগীতাত অংশগ্ৰহণ এতিয়াও নিশ্চিত হোৱা নাই। হিমাই এতিয়ালৈকে টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা নাই আৰু অ’লিম্পিকৰ বাবে যোগ্যতা অৰ্জন এতিয়া অনিশ্চয়তাৰ আৱৰ্তত।