হিমাচলৰ ২৪৯ জন শিক্ষাৰ্থী এতিয়াও ইউক্ৰেইনত আবদ্ধ হৈ আছে: মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰ

pc Times of INdia

হিমাচলৰ ২৪৯ জন শিক্ষাৰ্থী এতিয়াও ইউক্ৰেইনত আবদ্ধ হৈ আছে: মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰে কয় যে ৰাজ্যখনৰ ২৪৯ জন শিক্ষাৰ্থী এতিয়াও যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ আছে আৰু তেওঁলোকক চুবুৰীয়া দেশলৈ স্থানান্তৰ কৰাৰ বাবে যুদ্ধকালীন পৰ্যায়ত প্ৰচেষ্টা চলাই থকা হৈছে। তেওঁ কয়, “১৬৩ জন শিক্ষাৰ্থীৰ অভিভাৱকৰ সৈতে যোগাযোগ কৰা হৈছে।” ঠাকুৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাৰতীয় বায়ু সেনাক স্থানান্তৰৰ বাবে ধন্যবাদ জনাইছিল।