হিমাচলত কৰ’না সংক্ৰমণৰ হাৰ বৃদ্ধি

pc-WGRZ

হিমাচলত কৰ’না সংক্ৰমণৰ হাৰ বৃদ্ধি

অনলাইন বাৰ্ত্তাসেৱা– হিমাচল প্ৰদেশতো কেৰালাৰ পাছত কৰ’না সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে। ৰাজ্যখনত ৪১৯ জন লোক নতুনকৈ কৰ’নাত সংক্ৰমিত হৈছে। ৰাজ্যখনত মঙলবাৰে ১৮৬ জন লোক সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। কৰ’না সংক্ৰমণৰ ফলত ২জন লোকৰ মৃত্যু হয়। ৰাজ্যখনত ১১ জুনৰ পাছত সৰ্বাধিক নতুন সংক্ৰমিত চিনাক্ত হৈছে। ৰাজ্যখনত সম্প্ৰতি ২,৩১৮ জন কৰ’না ৰোগী চিকিৎসাধীন হৈ আছে।

 

(R.T)