হিতোপদেশ-নিতিষ্মান দাস

Pc-vectorstock

হিতোপদেশ

যিলোকে অধিককৈ খং কৰি থাকে,
নিজকেই নিজেই সি সৰ্ববনাশ কৰে৷
থাকে যদি কাৰোবাৰ অহংকাৰী মন,
নিশ্চয় এদিন তাৰ হব পতন।
কেতিয়াও কাৰোবাক নকৰিবা ঘৃণা,
অথবা তুমি এদিন নিজেই ঘূণিত হ’বা।
কাৰো অন্তৰত আঘাত নিদিবা,
ভগৱান আৰু তুমি নিজেই কষ্ট পাবা।
কেতিয়াও কাকো ফাঁকি নিদিবা,
অথবা তুমি নিজেই বিপদত পৰিবা ।
মিছা কথা তুমি কেতিয়াও নকবা,
নহলে তুমি অবিশ্বাসৰ পাত্ৰ হ’বা।
কেতিয়াও কাকো সন্দেহ নকৰিবা,
নহলে তুমি নিজেই অশান্তি পাবা।
যিয়েই বেছিকৈ আত্মগৌৰৱ কৰিব,
নিশ্চয় তাৰ মনোমালিন্য হব।
মিছা কথাত কেতিয়াও কাণ নিদিবা,
অথবা তুমি কর্তব্যচ্যুত হ’বা।
তুমি কেতিয়াও মান নাচাবা,
নহলে তুমি অপমানিত হ’বা।
আকৃতি আৰু প্ৰকৃতিত লক্ষা নকৰিবা,
সকলো সমান এইটো ভাৱ ল’বা।
যিয়েই অসৎলোকৰ সঙ্গ দিব,
তাৰ চৰিত্ৰ নিশ্চয় কলংকৃত হব।
যিয়েই অবৈধ চিন্তা বেছিকৈ কৰিব,
তাৰ মন নিশ্চয় কলুষিত হব।
অযথা সময় কেতিয়াও নষ্ট নকৰিবা,
অথবা নিজেই তুমি অনুতপ্ত হ’বা।
যি লৰা-ছোৱালীয়ে পিতৃ-মাতৃৰ কথা নুশুনে,
সেই লৰা-ছোৱালী এদিন বিপদত পৰে৷

-নিতিষ্মান দাস
অষ্টম শ্রেণী