হাৰ্ট এটাক বা মায়’কাৰ্ডিয়েল ইনফাৰ্কশ্যন – ডাঃ ৰূপ শেখৰ ডেকা

বৰ্তমান সময়ত হাৰ্ট এটাক বা মায়’কাৰ্ডিয়েল ইনফাৰ্কশ্যন নামৰ বেমাৰ বিধৰ দ্বাৰা এক বুজন সংখ্যক লোক আক্ৰান্ত হোৱা দেখা পোৱা যায়। সময়তে চিকিৎসা নাপালে যথেষ্ট সংখ্যক লোকে মৃত্যুমুখতো পৰা দেখা যায়। আধুনিক সমাজৰ পৰিৱৰ্তিত জীৱনশৈলীত অতি কম বয়সৰ মনুহেও এই ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে।

হাৰ্ট এটাকৰ লক্ষণসমূহঃ

মানুহ ভেদে এই বেমাৰৰ লক্ষণসমূহ বেলেগ বেলেগ হ’ব পাৰে।

(১) বুকুৰ বিষ, বুকুখন হেঁচা মাৰি ধৰা যেন লগা, বুকুখন জ্বলা-পোৰা কৰা।

(২) বাহুৰ বিষ, গলৰ বিষ, থুতুৰিৰ পৰা কাণৰ ওচৰলৈ বিষোৱা, পিঠি অথবা পেটৰ বিষ। এই বিষসমূহ  লঘুৰ পৰা গুৰুতৰ ধৰণৰ হ’ব পাৰে।

(৩)  ঘাম ওলোৱা আৰু মূৰটো পাতল পাতল লগা।

(৪) উশাহ চুটি হৈ যোৱা।

(৫) বমি লগা বা বমি হোৱা।

(৬) মূৰ ঘূৰোৱা আৰু মুখৰ বৰণ মটিবৰণীয়া হৈ পৰা।

(৭) অস্থিৰতা আৰু জীৱনটো শেষ হৈ যাব পাৰে বুলি ভয়ৰ সৃষ্টি হোৱা।

(৮) শৰীৰৰ পৰা ঘাম বাহিৰ হোৱা।

হাট এটাক হোৱাৰ কাৰণঃ

বেছিভাগ হার্ট এটাকৰেই প্রকৃত কাৰণ হৈছে হাৰ্টৰ ৰক্তপ্ৰৱাহী নলীৰ বেমাৰ। ইয়াৰ যিসমূহ ৰক্তপ্ৰৱাহী নলীয়ে অক্সিজেনযুক্ত বিশুদ্ধ তেজ হৃদয়ৰ মাংসপেশীলৈ কঢ়িয়াই নিয়ে সি সংকুচিত হৈ পৰে তথা এই নলীসমূহৰ ভিতৰত ফেট যুক্ত পদার্থ জমা হৈ পৰে। এই ফেটযুক্ত পদার্থসমূহৰ কোনো এক টুকুৰাই যদি ৰক্তপ্ৰৱাহী নলীৰ বক্ত প্ৰৱাহত বাধাৰ সৃষ্টি কৰে তেস্তে হাৰ্টৰ সেই অঞ্চলৰ ৰক্তপ্ৰৱাহ বন্ধ হৈ পৰে আৰু ইয়াকেই হার্ট এটাক্ বুলি কোৱা হয়। এই হার্ট এটাক্ সমূহৰ ভিন্নতাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক একিউট কৰনাৰী ছিম, মায় কার্ডিয়েল ইনফার্কশ্যন অথবা কৰনাৰী থ্রম্বছিছ ইত্যাদি নানান ধৰণে নামাকৰণ কৰা হয়। এই হার্ট এটাকৰ ফলত হৃৎপিণ্ডৰ এক বিশেষ অঞ্চলৰ মাংসপেশী অকামিলা হৈ পৰে ৰক্তপ্ৰৱাহ বন্ধ হৈ পৰাৰ ফলত। ইনফার্কশ্যন শব্দটোৰ অৰ্থ হৈছে ৰক্তপ্ৰৱাহ বন্ধ হৈ যোৱাৰ ফলত হাৰ্টৰ কোনো অঞ্চলৰ মাংসপেশীৰ মৃত্যু হোৱা।

হার্ট এটাকৰ অতি সম্ভাৱনীয়তাৰ কাৰণসমূহঃ

(১) বয়সঃ পুৰুষৰ ক্ষেত্ৰত যদিহে বয়স ৪৫ উৰ্দ্ধৰ হয় আৰু মহিলাৰ ক্ষেত্ৰত ৫৫ ঊৰ্দ্ধৰ হয় তেন্তে হার্ট এটাক্ হোৱাৰ সম্ভাৱনীয়তা বৃদ্ধি পায়।

(২) এনজাইনাঃ  ইয়াত হাৰ্টৰ কোনো এক বিশেষ অঞ্চলত অসম্পূর্ণ বক্ত প্ৰৱাহৰ ফলত মানুহ বুকুৰ বিষত ভুগি থাকে ।

(৩) কলেষ্টেলৰ অত্যধিক মাত্ৰাৰ ফলত।

(৪) মধুমেহ ৰোগত ভুগি থকা বোগীসকলৰ ক্ষেত্ৰত হার্ট এটাকৰ সম্ভাৱনা বৃদ্ধি পায় ৷

(৫) কিছুসংখ্যক হার্ট এটাক্ বংশগতভাৱে হোৱাও দেখা যায়।

(৬) উচ্চ ৰক্তচাপ।

(৭) মেদবহুলতা।

(৮) ধুম্ৰপায়ীসকলৰ ক্ষেত্ৰত হার্ট এটাক্ হোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়।

(৯) এইড্‌ছ ৰোগীসকলৰ ক্ষেত্ৰত এই ৰোগ হোৱাৰ সম্ভাৱনা ৫০ শতাংশ বৃদ্ধি পায়।

(১০) অত্যধিক কৰ্মৰ চাপৰ ফলতো মানুহৰ হার্ট এটাক্ হ’ব পাৰে।

হার্ট এটাক্‌ নিৰূপণৰ উপায়ঃ

হার্ট এটাক্‌ নিৰূপণৰ বাবে একাধিক পৰীক্ষাৰ ব্যৱস্থা আছে—

(১) ই.চি.জি বা ইলেক্ট্ৰ’কার্ডিঅ’গ্ৰাফ।

(২) কাৰ্ডিয়েক এনজাইমৰ পৰীক্ষা।

(৩) বুকুৰ এক্সৰে।

হার্ট এটাকৰ চিকিৎসাঃ

এজন হার্ট এটাক্ হোৱা মানুহক যিমান সোনকালে চিকিৎসা আৰম্ভ কৰিব পাৰি সিমানেই চিকিৎসাৰ সফলতাৰ সম্ভাৱনা বৃদ্ধি হয়। আজিকালি বিভিন্ন অঞ্চলত হার্ট এটাক্ সমূহৰ সুচল চিকিৎসা উপলব্ধ। তথাপিতো ইয়াক মনত ৰখা উচিত যে যিমানেই সোনকালে ৰোগীজনক চিকিৎসা আৰম্ভ কৰিব পৰা যায় সিমানেই তেওঁৰ বাচি থকাৰ সম্ভাৱনা বৃদ্ধি পায়। কেতিয়াবা কেতিয়াবা হার্ট এটাক্ হোৱা মানুহৰ উশাহ বন্ধ হৈ পৰে। তেতিয়া তেওঁক বচোৱাৰ একমাত্র উপায় হৈ পৰে হাতেৰে এক সুনির্দিষ্টভাৱে বুকুত হেঁচা দিয়া অথবা ডিফিব্রিলেটৰ ব্যৱহাৰ কৰা। ইয়াক কাৰ্ডিঅ’পালম’নাৰী বি-ছাকছিটেশ্যন বুলি কোৱা হয়। হার্ট এটাক্ হোৱাৰ পিছত মানুহ এজনক বিভিন্ন ধৰণৰ ঔষধৰ প্ৰয়োজন হয় যাতে পুনৰায় তেওঁৰ হার্ট এটাক্ নহয়। এইসমূহ হৈছে—

(১) এছপিবিন আন অন্যান্য এণ্টিপ্লেটিলেছ।

(২) বিটা ব্লকাৰ্ছ।

(৩) এ.চি.ই. ইনহিবিটব্‌ছ।

(৪) ষ্টেটিন্‌ছ।

(৫) এনজিঅ’প্লাষ্টি।

(৬) চি.এ.বি.জি.  অথবা কৰ’নাৰী আৰ্টাৰী বাইপাচ গ্রাফ্‌ট।

হার্ট এটাক্ হোৱাৰ পৰৱৰ্তী অৱস্থাত কৰিবলগীয়াসমূহঃ

(১) নিজক পুনৰায় সক্ৰিয় কৰি তোলাটো নিত্যান্তই আৱশ্যক। অৱশ্যে ইয়াৰ বাবে প্ৰয়োজন হোৱা কচৰসমূহৰ বাবে হৃদৰোগ বিশেষজ্ঞৰ পৰা পৰামৰ্শ লোৱাৰ আৱশ্যক।

(২) যথাসম্ভৱ খুব সোনকালে নিজৰ চাকৰি, ব্যৱসায় বা দৈনন্দিন কৰ্মলৈ উভতি যোৱাটো নিত্যান্তই আৱশ্যক। অৱশ্যে যিসমূহ কৰ্মৰ ফলত চাপৰ সৃষ্টি হয়, তেনেসমূহ কৰ্ম যথাসম্ভৱ পৰিহাৰ কৰা উচিত।

(৩) হার্ট এটাক্ হোৱাৰ পিছত বহুসংখ্যক লোকে ডিপ্রেশ্যনত ভোগে বহু দিনলৈ। তেনেক্ষেত্ৰত তেওঁ চিকিৎসকৰ পৰামর্শ লোৱাৰ বাবে ইতস্ততঃ কৰিব নালাগে।

(৪) বিশেষজ্ঞসকলে কৈছে যে হার্ট এটাক্ হোৱাৰ পিছত অন্ততঃ চাৰি সপ্তাহলৈ মানুহ এজনে চাচিকীয়া বাহন অথবা দুচকীয়া বাহন চলোৱা অনুচিত।

(৫) অন্ততঃ এক তৃতীয়াংশ হার্ট এটাক্ হোৱা পুৰুষে ইয়াৰ পৰৱৰ্তী অৱস্থাত সংগম কার্যত লিপ্ত হোৱাত অসুবিধা পায় অথবা নোৱাৰে, যিটোক কোৱা হয় ইৰেকটাইল ডিচফাংশ্যন। তেনেক্ষেত্ৰত তেনেলোকে নিজৰ যৌন শক্তি পুনৰাই ওভোতাই পোৱাৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ লৈ ঔষধ সেৱন কৰা উচিত।

হার্ট এটাক্ ৰোধ কৰাৰ বাবে ল’বলগীয়া ব্যৱস্থাসমূহঃ

(১) ধঁপাত সেৱন বন্ধ কৰিব লাগে।

(২) পুষ্টিযুক্ত স্বাস্থ্যকৰ  আহাৰ গ্ৰহণ কৰিব লাগে।

(৩) দৈনিক কচৰতে হার্ট এটাক্ ৰোধত সহায় কৰে। বিশেষকৈ দৈনিক তিনিৰ পৰা পাঁচ কিলোমিটাৰ খোজ কাঢ়িলে বহু পৰিমাণে হার্ট এটাক্ ৰোধ কৰিব পৰা যায়৷

(৪) উচিত মাত্ৰাত শুৱাটো হার্ট এটাক্ ৰোধৰ এক অন্যতম উপায়। কিয়নো নিয়মিত যদি মানুহ এজনৰ টোপনি ক্ষতি হয়, তেন্তে তেওঁৰ হাৰ্ট এটাক্ হোৱাৰ সম্ভাৱনীয়তা যথেষ্ট বৃদ্ধি পায়।

(৫) মধুমেহ ৰোগীসকলে এই ৰোগক নিজৰ নিয়ন্ত্ৰণত ৰখাটো অত্যন্তই প্রয়োজন, যাতে ইয়াৰ ফলত তেওঁ পৰৱৰ্তী পৰ্যায়ত হার্ট এটাকৃত আক্রান্ত হ’বলগীয়া নহয়।

(৬) সুৰা সেৱন কমকৈ কৰা উচিত। বহু সংখ্যক চিকিৎসা বিজ্ঞানীয়ে এক নিৰ্দিষ্ট পৰিমাণৰ সুৰা সেৱনে হার্ট এটাক্ ৰোধ কৰে বুলি কৈছে যদিও ইয়াক সুনির্দিষ্টকৈ কোৱাৰ বাবে আৰু যথেষ্ট সংখ্যক গৱেষণাৰ প্রয়োজন আছে।

(৭) কলেষ্টেৰল যাতে শৰীৰত মাত্ৰাধিক নহয় তাৰ প্রতি নজৰ ৰখা উচিত।

(৮) নিজৰ ওজন যাতে মাত্রাধিকভাৱে বাঢ়ি নাযায় তাৰ প্ৰতিও যত্ন কৰা উচিত।

(৯) যথা সম্ভৱ নিজকে চাপমুক্ত কৰি ৰখাৰ চেষ্টা কৰাটো উচিত। আজিকালি বিভিন্ন ঠাইত চাপমুক্তিৰ নানান ধৰণৰ প্রশিক্ষণ কেন্দ্র গঢ় লৈ উঠিছে। যিসমূহে মানুহক যথেষ্ট পৰিমাণে সহায় কৰিব পাৰে।