হাত-ভৰিৰ জিনজিননি -ডাঃ বিজিতা চুতীয়া

pc medical News Today

হাত-ভৰিৰ জিনজিননি

বৰ্তমান সময়ত প্ৰায়ভাগ মানুহৰে হাত বা ভৰিৰ জিনজিননি বৃদ্ধি পোৱা দেখা গৈছে । আমি বহু সময় ধৰি একেটা অৱস্থাতে শুই বা বহি থকাৰ ফলত শৰীৰত ৰক্ত সঞ্চালন কমি গলে বা স্নায়ু সমূহত অতিমাত্ৰা চাপ পৰাৰ ফলত এনে জিনজিননি হয় । কিন্তু যদিহে হাত বা ভৰিৰ জিনজিননি বহুদিনলৈকে থাকে তেন্তে ইয়াৰ কাৰণ বিভিন্ন হব পাৰে । যেনে –

১) Multiple sclerosis
২) Fibromyalgia
৩) Diabetic neuropathy
৪) Sciatica
৫)  Kidney failure
৬) Peripheral neuropathy
৭)  Vitamin deficiency (Vit B1, Vit B12, Vit A, Vit E)
৮) Tarsal tunnel syndrome
৯) বিভিন্ন ধৰণৰ ঔষধৰ প্ৰয়োগ ( Isoniazid, Phenytoin, statins , vincristine)
১০) অতিমাত্ৰা মদ্যপান ইত্যাদি ।

হাত বা ভৰিৰ জিনজিননি ৰ ফলত হোৱা জটিলতা
হাত -ভৰিৰ জিনজিননি বহুদিনলৈকে থাকিলে ইয়াৰ আশে পাশে থকা শৰীৰৰ অন্য অংশলৈ ও বিয়পিব পাৰে । ইয়াৰ ফলত Varicose veins, deep vein thrombosis, peripheral neuritis ইত্যাদি ৰোগ হোৱাৰ আশংকা থাকে । সেয়েহে ঘনাই হাত বা ভৰিৰ জিনজিননিৰ লগতে বিষ বা অন্যান্য উপসৰ্গ ই দেখা দিলে অনতিপলমে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি চিকিৎসা কৰা উচিত ।

হাত বা ভৰিৰ জিনজিননি হলে মানিবলগীয়া tips 

 যদিহে ভৰিত জিনজিননি হৈছে তেন্তে ভৰিটো লৰচৰ কৰিব চেষ্টা কৰা উচিত বা অলপ সময় খোজকাঢ়ক ।
আক্ৰান্ত অংশতো গৰম কৰি ৰখা উচিত ।
লাহে লাহে জিনজিনোৱা অংশত massage কৰিব লাগে, তেতিয়া ৰক্ত সঞ্চালন বৃদ্ধি পাব ।
একেটা অৱস্থানত বহু সময় ধৰি বহি বা শুই নাথাকিব ।
গৰ্ভাৱস্থাত প্ৰায়ে ভৰিৰ জিনজিননি হয় , সেয়েহে শুওতে বা বহুতে অৱস্থান সলনি কৰি থাকিব ।

আয়ুৰ্বেদ শাস্ত্ৰত উপযোগী ঔষধী 

১) মহানাৰায়ন তৈল
২)পিণ্ড তৈল
৩)সহচৰাদি তৈল
৪)নাৰায়ণ তৈল
৫) মহামাশ তৈল
৬) একাংৱীৰ ৰস
৭) সমীৰপন্নগ ৰস
৮) নবজীৱন ৰস
৯) যোগৰাজ guggulu
১০) মহায়োগৰাজ guggulu
১১) বলাৰিষ্ট ইত্যাদি ।

 নিয়ম আৰু পথ্য 

যিবোৰ কাৰকৰ বাবে হাত-ভৰিৰ জিনজিননি হয় সেইসমূহ ত্যাগ কৰা উচিত । স্নায়ুৰোগ নিৰাময়ৰ বাবে যোগ চিকিৎসাৰ ভূমিকা অন্যতম । গতিকে পুৱা-গধূলি যোগাভ্যাস ৰ লগতে কিছুসময় ধ্যান কৰি মনোবল বৃদ্ধি কৰিব । প্ৰচুৰ পৰিমানে পানী আৰু শাক পাচলি গ্ৰহণ কৰিব । টোপনি ক্ষতি নকৰিব। মচলাযুক্ত , গুৰুপাকী খাদ্য বৰ্জন কৰিব । মদ্যপান ত্যাগ কৰিব । গৰম পানী, গম, চজিনা, alovera ৰ ৰস, খেজুৰ, কিছমিছ, জিৰা, বিলাহী, কমলা, মৌজোল ইত্যাদি উত্তম পথ্য ।
উপৰিউক্ত নিয়ম আৰু পথ্য পালন কৰাৰ লগতে ৰোগৰ কাৰণ অনুযায়ী চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি এই ৰোগ নিৰ্মূল কৰিব পাৰি ।

ডাঃ বিজিতা চুতীয়া
বি. এ. এম. এছ., এম. ডি. ( আয়ুৰ)
আয়ুৰ্বেদিক বিশেষজ্ঞা