হাজো ৰামদিয়াৰ নামপাৰা নিৱাসী তথা আঞ্চলিক জাতীয় বিদ্যালয়, ৰামদিয়াৰ শিক্ষক অশোক মেধিৰ আত্মহত্যা

pc Startacus

অনলাইন বাৰ্ত্তাসেৱা – হাজো ৰামদিয়াৰ নামপাৰা নিৱাসী তথা আঞ্চলিক জাতীয় বিদ্যালয়, ৰামদিয়াৰ সহকাৰী শিক্ষক-উদীয়মান কবি অশোক মেধিয়ে আত্মহনন কৰা ঘটনাক কেন্দ্ৰ কৰি বৃহত্তৰ ৰামদিয়া অঞ্চলত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। প্রাপ্ত তথ্য অনুসৰি, তেওঁৰ মাকে  কুঁৱাৰ ভিতৰত মেধিৰ মৃতদেহটো প্ৰত্যক্ষ কৰে আৰু হুৱা-দুৱা লগায়। তেওঁৰ চিঞৰ-বাখৰ শুনি ওচৰ চুবুৰীয়া একাংশ লোক কুঁৱাৰ কাষলৈ আহি অশোক মেধি কুঁৱাত পৰি আত্মহনন কৰাটো নিশ্চিত হয়। ঘটনা সন্দৰ্ভত ৰামদিয়া আৰক্ষী চকীত খৰ দিয়াৰ পাছতে এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। ইয়াৰ পাছতে আৰক্ষীয়ে ৰাইজৰ সহযোগত কুঁৱাৰ পৰা অশোকৰ মৃতদেহ উদ্ধাৰ কৰে৷ ৰামদিয়া আৰক্ষীয়ে অশোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে৷ উল্লেখ্য যে অশোক মেধি আছিল এগৰাকী উদীয়মান কবি আৰু তবলা বাদক ৷ ৰামদিয়া জ্ঞানদা সাহিত্য সমাজৰ অগ্রণী সাহিত্যকর্মী অশোক মেধিৰ শেহতীয়া কবিতা পুথি ‘কলংকৰ প্ৰেয়সী’য়ে সাহিত্যানুৰাগীসকলৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সমৰ্থ হৈছিল।

(UD.)