হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীক অধ্যয়ন সামগ্ৰী বিতৰণ

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীক অধ্যয়ন সামগ্ৰী বিতৰণ

ৰঙিলী বাৰ্ত্তাসেৱা-  কামৰূপ মহানগৰ জিলাৰ দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত এইবাৰ বিদ্যালয়খনৰ পৰা অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত পৰীক্ষাত সহায়ক হ’ব পৰাকৈ শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰস্তুত কৰি উলিওৱা বিষয়ভিত্তিক অধ্যয়ন সামগ্ৰী বিতৰণ কৰা হয়। এই উপলক্ষে বিদ্যালয় প্ৰাংগনত আয়োজিত অনুষ্ঠানত মাধ্যমিক শিক্ষাৰ উপ সঞ্চালক তপন কলিতা, কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰী উপস্থিত থাকে। সভাত ভাষণ দি বিষয়া দুগৰাকীয়ে বিদ্যালয়খনৰ এনে পদক্ষেপ অনন্য আৰু ছাত্ৰ উপযোগী বুলি মন্তব্য কৰে। তেওঁলোকে অসমৰ অন্য বিদ্যালয় সমূহেও এনে ব্যৱস্থা লোৱা উচিত বুলি মন্তব্য কৰে। বিশেষকৈ বিদ্যালয়খনৰ অধ্যক্ষগৰাকীক এনে কামৰ নেতৃত্ব দিয়া বাবে বিশেষ ধন্যবাদ জ্ঞাপন কৰে।