হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা অহা বৰ্ষৰ মাৰ্চত অনুষ্ঠিত

Pc The Sentinel.Assam

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা অহা বৰ্ষৰ মাৰ্চত অনুষ্ঠিত

ৰঙিলী বাৰ্ত্তাসেৱা- হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা অহা বৰ্ষৰ মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহৰ পৰাই অনুষ্ঠিত কৰা হ’ব। এই কথা সদৰী কৰি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰে যে কেন্দ্ৰীয় চৰকাৰে ১৫ বছৰৰ পৰা ১৮ বছৰৰ কিশোৰ-কিশোৰীক ক’ভিড ভেকচিন দিয়াৰ যি সিদ্ধান্ত লৈছে, সেই অনুসৰি ভেকচিন প্রদান শেষ হোৱাৰ পিছতে ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে দুয়োটা পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বৈঠকত বহি চূড়ান্ত দিন–বাৰ স্থিৰ কৰিব।হাইস্কুল শিক্ষাস্ত পৰীক্ষা অনুষ্ঠিত কৰা, ছাত্র-ছাত্রীক ভেকচিন প্রদান, বিদ্যালয় একত্ৰীকৰণ আদিকে ধৰি কেইবাটাও বিষয়ক লৈ কাহিলিপাৰাৰ সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ত শিক্ষা বিভাগৰ এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। জিলা শিক্ষা বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত বিভিন্ন দিশ আলোচনা কৰাৰ লগতে ছাত্র-ছাত্রীক ক’ভিড ভেকচিন প্ৰদানৰ ওপৰতো বিস্তৃত পর্যালোচনা কৰা হয়। এই বৈঠকৰ পিছতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেশুৱে কয় যে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা মাৰ্চ মাহৰ দ্বিতীয় অথবা চতুর্থ সপ্তাহত অনুষ্ঠিত কৰি এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত সম্পূৰ্ণ কৰা হ’ব। পৰীক্ষাৰ পূৰ্বে প্ৰতি বিদ্যালয়ত আৰম্ভ হ’ব ভেকচিন প্রক্রিয়া। স্বাস্থ্য বিভাগে অহা তিনি জানুৱাৰীৰ পৰা ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক ভেকচিন প্রদান আৰম্ভ কৰিব। এই প্ৰক্ৰিয়াত ফেব্ৰুৱাৰী মাহৰ ভিতৰত দ্বিতীয় পালি ভেকচিন প্রদান সম্পূৰ্ণ হ’ব। ইয়াৰ পিছতে পৰীক্ষাৰ দিন-সূচী ঠিক কৰা হ’ব।