হাইদৰাবাদত অনুষ্ঠিত বধিৰ সাংস্কৃতিক মহোৎসৱত অসম দল শ্ৰেষ্ঠ 

হাইদৰাবাদত অনুষ্ঠিত বধিৰ সাংস্কৃতিক মহোৎসৱত অসম দল শ্ৰেষ্ঠ 

ৰঙিলী বাৰ্ত্তাসেৱা-  হাইদৰাবাদত ১০-১৩ ডিচেম্বৰত অনুষ্ঠিত হোৱা ১৭ সংখ্যক ৰাষ্ট্ৰীয় বধিৰ সাংস্কৃতিক মহোৎসৱত অসম দলটোৱে নৃত্য,নাট আৰু মুকাভিনয়ত সুন্দৰ প্ৰদৰ্শন কৰি দৰ্শকৰ পৰা প্ৰশংসা লাভ কৰাৰ লগতে শ্ৰেষ্ঠ হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷অসমৰ হিতম হাজৰিকাই শ্ৰেষ্ঠ অভিনেতাৰ সন্মান,সিন্ধ্যা ৰাজবংশীয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান আৰু তপন কুমাৰ শৰ্মাই শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে৷পৰ্যাটন আৰু সাংস্কৃতিক  মন্ত্ৰী জি কিষাণ ৰেডীয়ে উক্ত বঁটা প্ৰদান কৰে৷কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰণালয়ৰ উদ্যোগত পৰৱৰ্তী দিব্যাংগ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে অসম আৰু তেলেংগনা ৰাজ্যক মনোনীত কৰিছে৷অসম দলটো ১৭ ডিচেম্বৰত গুৱাহাটীত উপস্থিত হ’ব৷