হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ সৌজন্যত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীলৈ বিনামূলীয়া বস্ত্ৰ

p.c.- The Sentinel Assam

হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ সৌজন্যত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীলৈ বিনামূলীয়া বস্ত্ৰ

দিছপুৰঃ অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডে জানিবলৈ দিয়ে যে, অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ সৌজন্যত অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ দ্বাৰা অসম চৰকাৰৰ সকলো চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীলৈ বিনামূলীয়া খাদী চাৰ্ট আৰু এড়ী চাদৰ বিতৰণ কৰা হ’ব। ১৪ ফেব্ৰুৱাৰী, 2022 তাৰিখে আবেলি ২.৩০ বজাত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনস্থিত মুখ্যমন্ত্রী সচিৱালয়ৰ সভাকক্ষত এই অনুষ্ঠানৰ শুভাৰম্ভ কৰিব। অনুষ্ঠানত হস্ততাঁত বস্ত্রশিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম আৰু অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ অধ্যক্ষ কমলা কান্ত কলিতাও উপস্থিত থাকিব।