“হ’ম মেকাৰ “–   স্মৃতিৰেখা সোণোৱাল

pc-kerela lumuduni

“হ’ম মেকাৰ “

হ’ম মেকাৰ হওঁ ,
সুখেৰে নহ’লেও দুখেৰে ঘৰখন সজাম ।
বেৰত দামী ছবি এখন আঁৰিব নোৱাৰিলেও
হৃদয়ৰ ছবিখনেৰে ঘৰখন সজাম ।

জীৱনটো ছন্দহীন হৈ পৰিলেও
বেসুৰা সুৰেৰে জীৱনটো সজাম ,
তুমি তাতে ফুল হৈ নুফুলিলেও
কাঁইটেৰে মোৰ ফুলনিখন সজাম ।

তুমি মোৰ পদূলিত ভৰি নিদিলেও
পদূলিত দুজোপা বকুল থাকিব ,
মোৰ চৌহদত ভূমুকি নামাৰিলেও
দেৱদাৰু , সোণাৰু , নাহৰ ,
কৃষ্ণচূড়া , ৰাধাচূড়াই
আকাশত জুই লগাব ।

দুখৰ পোচাকযোৰ সেউজীয়া ৰঙেৰে বোলাম ,
দুখী ওঁঠযোৰ ৰঙা ৰঙেৰে বোলাম ,
তুমি অসুখী হোৱাৰ
সমল বিনা যোগাৰে পাবা ।

মই চিত্ৰকৰ নহ’লেও
জলছবিৰ ভৰত হৃদয় সাগৰত অগণন ঢৌ !
মই গায়িকা নহ’লেও হৃদয়ত অলেখ সুৰৰ গুণগুণনি !

মোৰ দুখক হিংসা কৰি কৰি
এদিন তুমি অসুখী হৈ পৰিবা ।
সিদিনাও মই কাৰোবাৰ বিৰহত
দুখৰ গানকে গাই থাকিম
আৰু তুমি মোৰ নিমজ্জিত সুৰটোৰ
একাত্মতাখিনিকে হিংসা কৰি থাকিবা ।
০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০
স্মৃতিৰেখা সোণোৱাল
শান্তিপুৰ , জিলিকনি চ’ক