“হত্যা নে আত্মহত্যা” – নিলোৎপল

pc AAP

হত্যা নে আত্মহত্যা

মা,, ও মা…..

চোৱা মই কি আনিছোঁ

তোমাৰ যে প্রিয় বকুল ফুল

মা…আৰে মা নামাতা কিয় ?

উঃ

কিযে নিষ্পাপ এই মানৱ

কিযে নিষ্টৰ প্ৰাণী এই মানৱ

নহয়নে?

আজি ইয়াৰেই ফলস্বৰূপে

কাষতে পৰি ৰল অকণমানিৰ মাতৃ

মাতৃস্বৰূপ বিধাবাজনী।

অকালতে বিধাবাক আঁকোৱালি কিমতে

আছিল তাই জীৱনক চালিত কৰি।

কিন্তু,

এই দানবৰূপী মানৱৰ বাবেই

আজি আকৌ এটি জীৱৰ প্ৰাণ বিহীত হল

নিলে জীৱৰ পোহৰ

নিলে কনমানীৰ মা উচ্চাৰণ

চিৰকাললৈ….

নিস্তৰ এই মানৱ,

নিস্তুৰ এই সমাজ।

আজি হেজাৰ প্ৰশ্নৰ উদয় হৈছে

কি দোষৰ বলি হল তাই ?

স্বামী নোহোৱাই কি তাইৰ দোষ ?

নে….

সন্তানৰ বাবে দুমুঠি যোগাৰ কৰাই তাইৰ দোষ ?

আজি স্বামীহাৰাৰ বেদনা দূৰ নহওঁতেই

বগা বস্ত্ৰক আঁকোৱালি লোৱাৰ পৰ নহওঁতেই

তাইক হাৰ মানিবলৈ চেষ্টা চলালে

তাইৰ পথত কাঁইট হৈ দেখা দিলে

এই সামাজে…..

কিয়নো বিধবা মানেই টু মৃত্যু।

এতিয়া ঘূৰাই দিব পাৰিবনে সমাজে

এই কনমনিৰ মাতৃ ?

অমূল্য মা উচ্চাৰণ ?

নাই নোৱাৰে

কোনেও নোৱাৰে।

মাত্ৰ পাৰে বেদনাক আধাত কৰিব

কটা ঘাঁহত নিমখ ছটিয়াব।

এইয়াই আমাৰ সমাজ

মানৱৰূপী একোটা দানব।

নাই আজি কাৰো মাত নাই

নিমাত সকলো।

আছে মাথোঁ এই নিচ্ছৰ দেহ

আৰু কনমনিৰ হিয়াৰ কান্দোন

এই সকলো দেখি এটিয়েই প্রশ্ন

এইয়া সচাই হত্যা নে আত্মহত্যা ?

নিলোৎপল