হতাশা, কভিড19 পজিটিভ ৰোগীৰ ওপৰত নেতিবাচক প্ৰভাব — হিৰোচিমা বৰা পাঠক,জু-ৰোড গুৱাহাটী

pc-4dhealth

হতাশা, কভিড19 পজিটিভ ৰোগীৰ ওপৰত নেতিবাচক প্ৰভাব:

■হিৰোচিমা বৰা পাঠক।
■অধিবক্তা, জু-ৰোড গুৱাহাটী।

সমগ্ৰ বিশ্বতে ক’ৰণা ভাইৰাছ বা ক’ভিড19 য়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ লগতে ভাৰতবৰ্ষ তথা অসমতো প্ৰলয় সৃষ্টি কৰিছে। এই ৰোগৰ বলি হৈ বহু লোকে প্ৰাণ হেৰুৱাৰ উপৰিও বহুতো পৰিয়াল প্ৰায় ধ্বংস হৈ যোৱা দেখা গৈছে।ডাক্তৰ , চিকিৎসা কৰ্মচাৰী সকলে যৎপৰোনাস্তি চেষ্টা কৰি পজিটিভ ৰোগী সকলৰ চিকিৎসা আগবঢ়াই আছে যদিও ৰোগী সকলৰ মাজত আন এটা সমস্যাই দেখা দিছে, সেইয়া হৈছে হতাশা।

মানুহ কেতিয়া হতাশাৰ চিকাৰ হয়? দীর্ঘদিনজুৰি চেষ্টা কৰাৰ পিছতো যেতিয়া কাৰ্য হৈ নুঠে, ভবা মতে কাম আগনাবাঢ়ে, নিঃসংগতা, দীৰ্ঘদিন শাৰীৰিক অসুস্থতা আদি বহুত কাৰণত মানুহ হতাশাৰ চিকাৰ হয়। কভিদ19 পজিটিভ ৰোগীক নিয়ম অনুসৰি আন মানুহৰ পৰা পৃথকে ৰখাৰ ব্যৱস্থা আছে। সেইয়া লাগিলে হস্পিটেলৰ আইচ’লেচন ৱাৰ্ডতেই হওঁক নাইবা হ’ম আইচ’লেচনৰ ক্ষেত্ৰতে হওঁক। গুৰুতৰ ভাবে আক্ৰান্ত লোক সকলক আই. চি. ইউ. নাইবা হস্পিটেলৰ ক’ভিড ৱাৰ্ডত ৰখা হয় আৰু ডাক্তৰ নাৰ্ছ সকলে PPE পিন্ধিহে চিকিৎসাৰ বাবে তেওঁলোকৰ কাছ চাপে। ইচ্ছা কৰিলেও ক’ৰণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ কাষত থাকি পৰিয়ালৰ লোক সকলে চিকিৎসাৰ উপৰিও ল’বলগীয়া প্ৰয়োজনীয় ঘৰুৱা যতন সমূহ ল’ব নোৱাৰে। আইচ’লেচন ৱাৰ্ড নতুবা হ’ম কোৱাৰেন্টাইনত থকা পজিটিভ ৰোগীৰ ক্ষেত্ৰতো একেই ব্যৱস্থা লোৱা হয়।

পৰিয়ালৰ পৰা দূৰৈত এইদৰে পৃথকে থকাৰ ব্যৱস্থাটোৱে ৰোগীক মানসিক ভাৱে দুৰ্বল কৰি তোলে যাৰ ফলত ৰোগীসকল হতাশ হ’বলৈ ধৰে। চকুৰ আগত নিজৰ সন্তান নাইবা পিতৃ মাতৃক নেদেখি দুই/তিনি সপ্তাহ হস্পিটেলত নাইবা অকলশৰে বন্ধ চাৰিবেৰৰ মাজত কটাবলগীয়া হোৱাৰ ফলত নানান দুঃচিন্তা, হতাশাই আগুৰি ধৰে।

শাৰীৰিক বা মানসিক ভাৱে অসুস্থ অৱস্থাত সাধাৰণতে পৰিয়ালৰ লোক সকল কাষত থাকিলে সকাহ পোৱা যায় আৰু পৰিয়ালৰ লোক সকলৰ আদৰ যতনত ৰোগী মানসিক ভাৱে বহু সুস্থ হৈ উঠে। কিন্তু কভিদ19 এই ক্ষেত্ৰত যেন সম্পূৰ্ণ পৃথক। সকলোৰে মাত কথা, আদৰ যতনৰ পৰা বঞ্চিত হৈ শাৰীৰিক অসুস্থতাৰ সময়তো অকলশৰীয়া জীৱন কটাবলগীয়া হোৱা পৰিস্থিতিয়ে স্বাভাৱিকতেই এই ৰোগী সকলক হতাশ কৰি তোলে আৰু সুস্থ হোৱাৰ পিছতো এই হতাশাই বহুত দিনলৈ খেদি ফুৰে।

এই ৰোগী সুস্থ হৈ উঠাৰ পিছত ঘৰখন আৰু পৰিয়ালৰ লোক সকলে যিমান পাৰে সংগ দিয়াটো নিত্যান্তই প্ৰয়োজন। শৰীৰৰ যত্নৰ লগতে মনৰ দুঃচিন্তা সমূহ দূৰ কৰিবলৈও চেষ্টা কৰিব লাগে। তেতিয়াহে তেওঁলোক হতাশাগ্ৰস্থতাৰ পৰা মুক্ত হ’ব আৰু পূৰ্বৰ দৰেই মুক্ত মনেৰে সমাজত সুশৃংখল ভাৱে জীয়াই থাকিব পাৰিব।

তাৰোপৰি ভুক্তভোগী ৰোগী সকলেও মানসিক শক্তি বৃদ্ধি কৰি মনৰ দুঃচিন্তা সমূহ আঁতৰাই মনটো সবল কৰিব লাগিব। ভাললগা সৃজনীশীল কৰ্মত নিজকে ব্যস্ত ৰাখিলে সুফল পোৱা যাব। লগতে যোগ, ধ্যান, প্রিয় গ্ৰন্থ অধ্যয়ন ইত্যাদি কামত মনোনিবেশ কৰিলেও নিশ্চয় হতাশাৰ পৰা পৰিত্ৰাণ পাব।