সৰ্বভাৰতীয় স্বেচ্ছাসেৱী সংস্থা দৃষ্টি ফাউণ্ডেছনে বিশেষ পদক্ষেপ

সৰ্বভাৰতীয় স্বেচ্ছাসেৱী সংস্থা দৃষ্টি ফাউণ্ডেছনে বিশেষ পদক্ষেপ

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- গ্ৰাম্যাঞ্চলত উৎপাদিত সামগ্ৰীয়ে যাতে চহৰঞ্চলৰ বজাৰসমূহত উচ্চিত মূল্য লাভ কৰে তাৰ বাবে সৰ্বভাৰতীয় স্বেচ্ছাসেৱী সংস্থা দৃষ্টি ফাউণ্ডেছনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ‘দৃষ্টি স্বাৱলম্বন’ শীৰ্ষক লক্ষ্যৰে অসমৰো বিভিন্ন ঠাইত দৃষ্টি ফাউণ্ডেছনে এইক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে গোলাঘাট চহৰৰ জামুগুৰিৰ কালুজান অঞ্চলত ঐক্যম নামৰ অনুষ্ঠান এটি পতা হয় যাতে একাংশ মহিলায়ে থলুৱাভাবে প্ৰস্তুত কৰা সামগ্ৰীসমূহেৰে চহৰঞ্চলৰ বজাৰ দখলেৰে স্বাৱলম্বী হব পাৰে। সেই অঞ্চলৰ কেইবাটাও মহিলা গোটে উৎপাদন কৰা বিভিন্ন আচাৰ, পিঠা পনা, কাঠফুলা, চাদৰ মেখেলা, গামোচা আদি প্ৰদৰ্শনী কৰে। এই অনুষ্ঠানটিত উপস্থিত থাকে দৃষ্টি ফাউণ্ডেশ্যনৰ বিষয়ববীয়া প্ৰাপ্তি গগৈ , সপ্নিল শইকীয়া আৰু সৌৰভ শইকীয়া আৰু নিমন্ত্ৰিত সমাজসেৱক সুবুধ আঠপৰীয়া, সঞ্জয় কলিতা, লীলা সোনোৱাল, সঞ্জয় গগৈ, পোনেশ্বৰ নেওগ আদিয়ে নিজৰ মন্তব্য দাঙি ধৰে।