সৰ্বগুণৰ সমাহাৰ আমাৰ বিদ্যালয়- ময়ূৰাক্ষী গগৈ

pcAdobe Stock

সৰ্বগুণৰ সমাহাৰ আমাৰ বিদ্যালয়

চৰকাৰী অভ্যসন উচ্চ বুনিয়াদী বিদ্যালয়
আমাৰ কৰ্মময় জীৱনৰ কৰ্মস্থলী।
সহকৰ্মীৰ দুখত দুখী,সুখত সুখী
আমি যেন একেটা পৰিয়ালৰে সদস্য।
নিখুঁত কৰ্ম আঁচনি আৰু পৰিকল্পনাৰে
ধীৰ স্থিৰ অৰুণা গোস্বামী বাইদেউ
সকলোৰে শ্ৰদ্ধাৰ।
বিজ্ঞান শিক্ষয়িত্ৰী বন্দিতা শৰ্মা বাইদেউ
শিশু সাহিত্যিক ৰূপে
পঢ়ুৱৈ সমাজত পৰিচিত।
ছাত্ৰ-ছাত্ৰীৰ মাজত চন্দন চাৰ নামে জনাজাত
চন্দ্ৰ চুতীয়া চাৰক সভাৰ দায়িত্ব দিলে
চিন্তাৰ কোনো কাৰণ নাই।
গহীন-গম্ভীৰ খোজেৰে
মীৰা চেতিয়া বাইদেৱৰ
অসমীয়া ভাষা শিকোৱাত
নাই একো জটিলতা।
অকণি হঁতক আঙুলিত ধৰি
অ-আ-ক-খ শিকোৱা
কুঞ্জ বড়া বাইদেউ
দেখাতেই সহজ-সৰল।
ডালিম গুটীয়া হাতৰ আখৰেৰে
ৰফিকউদ্দিন আহমেদ চাৰ।
লিখা মেলাৰ দায়িত্ব
সকলোৱে চাৰকে দিব বিচাৰোঁ।
শিক্ষাৰ্থী হঁতক ড্ৰীল-পেৰেড
শিকোৱাত ব্যস্ত অৰুণা কছাৰী বাইদেউ
হস্ত বিদ্যাতো পাকৈত।
বিদ্যালয়ৰ সকলোৰে প্ৰিয়
হাঁহি মুখীয়া বন্দিতা ভাগৱতী
সংগীত,নাট, অভিনয়ৰ লগত জড়িত।
আমাৰ পৰিয়ালৰ একেবাৰে নুমলীয়া
মহচিনা জীনত আৰু স্মিতা নাথ
দুয়োজনী নিপুণ ইলেকট্ৰনিক মাধ্যমত।
সৰু-বৰ সমস্যা সমাধান কৰে সিহঁতেই।
পৰিয়ালৰ মুৰব্বী জিতেন দাস চাৰ
উঠিলেও খং, ক’ব নোৱাৰে
কাকো একো বেয়াকৈ।
সকলোৰে মাজত থাকি মইতো
বতাহতে উৰি থাকো।

ময়ূৰাক্ষী গগৈ