সৰুসজাইত মহিলা লীগ এথলেটিকছ চেম্পিয়নশ্বিপ

সৰুসজাইত মহিলা লীগ এথলেটিকছ চেম্পিয়নশ্বিপ

ৰঙিলী বাৰ্ত্তাসেৱা- আন্তৰ্জাতিক মহিলা দিৱসৰ লগত সংগতি ৰাখি অসম এথলেটিকছ সন্থাৰ উদ্যোগত আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ সহযোগত আজি খেলো ইণ্ডিয়া মহিলা লীগ এথলেটিকছ প্ৰতিযোগিতা অনুষ্ঠিত হয়।ৰাজ্যৰ বিভিন্ন জিলাৰ ১৫০গৰাকী এথলীটে অংশগ্ৰহন কৰা প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজাই। সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত প্ৰতিযোগিতাখনত ১০০,২০০,৮০০ আৰু ৩০০০মিটাৰ দৌৰৰ লগতে চটপুট আৰু লং জাম্প ইভেন্টৰ ৩শাখাত অনুষ্ঠিত হয়।’বৰ্তমান সময়ত আমাৰ মহিলা গৈ অলিম্পিক পাইছে, গাওঁত খেলুৱৈ বিচাৰি পোৱা যায়,তাত ক্ৰীড়া প্ৰতিভাৰ অভাৱ নাই’ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিতিৰে এই মন্তব্য কৰে সাংসদ কুইন ওজাই। প্ৰশিক্ষক নিপন দাসে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষন ৰাখে ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ উপ- সভাপতি লক্ষ্য কোঁৱৰে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ মাণ্ডলিক সঞ্চালক সত্যজিত সংস্কৃতৰ লগতে অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ সঞ্চালক নিবেদন দাস পাটোৱাৰীয়ে খেলুৱৈসকলক উদ্দেশ্যি মন্তব্য আগবঢ়োৱাৰ লগতে অসম এথলেটিকছ সন্থাৰ সম্পাদক অশোক ভৰালী আৰু এই প্ৰতিযোগিতাৰ অধ্যক্ষ মনোজ কুমাৰ চৌধুৰীয়ে উপস্থিত থাকি বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰে।