সৰুপথাৰত নতুনকৈ নিৰ্মাণ হব লগা ১০০ খন বিচনাযুক্ত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন

সৰুপথাৰত নতুনকৈ নিৰ্মাণ হব লগা ১০০ খন বিচনাযুক্ত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন

ৰূপাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা-  সৰুপথাৰত নতুনকৈ নিৰ্মাণ হব লগা ১০০ খন বিচনাযুক্ত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই।স্বাস্থ্য মন্ত্রী গৰাকীক সংগ দিয়ে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন আৰু জিলা উপায়ুক্তই।আধাৰশিলা স্থাপন কৰি এখন সভাত অংশ গ্রহণ কৰে গোলাঘাটৰ অভিভাৱক মন্ত্ৰী গৰাকীয়ে।স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ তৎপৰতা আৰু চৰকাৰৰ সদিচ্ছাৰ বাবেই আজি সৰুপথাৰত ১০০ খন বিচনাযুক্ত চিকিৎসালয়ৰ আধাৰশিলা সম্ভৱ হৈছে বুলি সভাত মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই।সীমামূৰীয়া মহকুমাটোৰ সৰুপথাৰত নিৰ্মাণ হব লগা চিকিৎসালয় খনে দীৰ্ঘদিনে মহকুমাবাসীয়ে ভুগি অহা চিকিৎসাৰ অভাৱ দূৰ কৰিব বুলিও কয় মন্ত্ৰী গৰাকীয়ে।পৰৱৰ্তী সময়ত টেঙানীটো এখন মিনি হষ্পিতেল নিৰ্মাণৰ কথা ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে।১২ কোটি ২৮ লাখ ৫২ হাজাৰ ৪৮৭ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা মহকুমা চিকিৎসালয় খনৰ নিৰ্মাণ কাৰ্য ডেৰবছৰত সম্পুৰ্ণ হ’ব।নিৰ্মাণ সম্পূর্ণ হলে সকলো বিশেষজ্ঞ চিকিৎসকৰ চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হব ৰোগীসকলে।আনহাতে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলিৰ বিৰ্তকিত মন্তব্যক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আখ্যা দিয়ে মন্ত্ৰী গৰাকীয়ে।নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবেই শ্বেৰমান আলিয়ে এনে বিৰ্তকিত মন্তব্য কৰিছে।এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব বুলি কয় মন্ত্ৰী কেশৱ মহন্তই ।