সৰস্বতী পূজাৰ আনন্দ ম্লান পেলাব পাৰে বতৰে

p.c- flickr

সৰস্বতী পূজাৰ আনন্দ ম্লান পেলাব পাৰে বতৰে

ৰঙিলী বাৰ্ত্তাসেৱা-   বিগত দুটা দিনত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হোৱা বৰষুণে বৃদ্ধি কৰিছে শীতৰ প্ৰকোপ।৪–৫ ফেব্ৰুৱাৰীত অসমত হ’ব নেৰানেপেৰা বৰষুণ।বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই আগজাননী দিছে।৪ আৰু ৫ ফেব্ৰুৱাৰীত অসম আৰু মেঘালয়ত নেৰানেপেৰাকৈ পাতলীয়া আৰু মজলীয়া বৰষুণ হ’ব।এই দুটা দিনত অসমৰ লগতে উত্তৰ–পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্ত হ’ব বৰষুণ।বংগোপ সাগৰত হোৱা নিম্ন চাপৰ প্ৰভাৱত নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা।ৰাজ্য চৰকাৰে ক’ভিড প্ৰট’কল মানি সৰস্বতী পূজা অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছে যদিও সেই আনন্দ ম্লান পেলাব পাৰে বতৰে।