সৰবৰহী যুৱক ঋতুপৰ্ণ কোঁৱৰৰ মৃত্যু

pc India Today

সৰবৰহী যুৱক ঋতুপৰ্ণ কোঁৱৰৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ হাতীগাঁও শেৱালী পথৰ বাসিন্দা,সৰবৰহী যুৱক,ব্যৱসায়ী ঋতুপৰ্ণ কোঁৱৰৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়৷মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৬ বছৰ৷কোঁৱৰৰ মৃত্যুত অঞ্চলটোত এক শোকৰ ছাঁ পৰে৷মৃত্যুৰ পাছত কোঁৱৰৰ শৱদেহ বাসগৃহলৈ অনাৰ পাছত শতাধিক গুণমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷কোঁবৰৰ শৱদেহত ছুপাৰ মাৰ্কেটৰ অবিচি কমপ্লেক্সত অবিচি যুৱ ছাত্ৰ সন্মিলন,শ্লুইছ গেট কালী মন্দিৰ পৰিচালনা সমিতি,স্থানীয় ব্যৱসায়ী,ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা,শতাব্দী য়ুথ ক্লাবকে ধৰি বহু সংখ্যক দল সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠান ব্যক্তি বিশেষে কোঁৱৰলৈ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে৷তেওঁ ৰুক্মণীগাঁও, হাতীগাঁও,ছুপাৰমাৰ্কেট আদি অঞ্চলত সামাজিক কাম কাজৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল৷জলসম্পদ বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তা খগেন্দ্ৰ নাথ কোঁৱৰৰ কনিষ্ঠ পুত্ৰ ঋতুপৰ্ণই মৃত্যুৰ সময়ত পত্নী,একমাত্ৰ ৭ বছৰীয়া কন্যা,মাতৃ,জ্যেষ্ঠ ভাতৃ,ভগ্নীক এৰি যায়৷