সৎ সংগে স্বৰ্গবাস অসৎ সংগে সৰ্বনাশ -জুৰি শইকীয়া

Pc VectorStock

সৎ সংগে স্বৰ্গবাস অসৎ সংগে সৰ্বনাশ

মানুহ সংগ প্ৰিয় , মানুহ সমাজ প্ৰিয় । নিৰ্জন দ্বীপ এটা যিমানে সুন্দৰ নহওঁক কিয় অকলে এৰাতি কটোৱাটো যিমান কষ্টকৰ সেয়া কল্পনা কৰাটো তাতকৈও কষ্টকৰ । শিশু অৱস্থাৰ পৰাই মানুহ মাক-দেউতাক , বাই-ভাই-ভনী বা পৰিয়ালৰ আন আন সদস্যসকলৰ লগত ডাঙৰ দীঘল হয় । লাহে লাহে স্কুললৈ যাব পৰা হোৱাৰে পৰা নানা লগৰীয়াৰ লগত সংগ স্থাপন হয় । যিমানে ডাঙৰ হৈ থাকে সিমানে ভিন্ন ৰুচিৰ লগৰীয়াৰ লগত সংগ হয় । জীৱনৰ বাটত বিভিন্ন জনৰ লগত হোৱা আমাৰ সংগবোৰৰ পৰা বহুতো অভিজ্ঞতা বুতলি লওঁ আমি । সৎ সংগ, সৎ কথা-বতৰা, সৎ কাৰ্যই আমাক যেনেকৈ উপকাৰ কৰে তেনেদৰে অসৎ সংগৰ পৰা অবাটে যোৱাৰ আশংকাই বেছি । সৎ সংগৰ পৰা আমি সদায়েই লাভৱান হও, জ্ঞান লাভ কৰোঁ । সৎ সংগই আমাক সজ পথ দেখুৱাই, মনৰ অজ্ঞানতা বোৰ দূৰ কৰে । সেয়েহে সদায় চাই চিটিহে সংগ ল’ব লাগে । অসৎ সংগ বা সংগ দোষত পৰি নকৰিব লগীয়া বহুত কামেই কৰি পেলাই যুৱক-যুৱতীসকলে । আসুৰিক সুখ ভোগ কৰাৰ প্ৰৱণতা জাগে অসৎ সংগৰ পৰাই । অখাদ্য খোৱাৰ ফল যেনেকৈ ভোগ কৰিব লগীয়া হয় তেনেকৈ অসৎ সংগৰ ফল গোটেই জীৱন জুৰি থাকি যায় । সোণসেৰীয়া সময়খিনি নষ্ট কৰাৰ পিছত নিজক শুধৰাবলৈ দেৰি হৈ যায়গৈ ছাত্ৰ- ছাত্ৰীসকলৰ বাবে । সংগৰ ওপৰতে জীৱন প্ৰণালী, চিন্তা-চৰ্চা, জ্ঞান-চৰিত্ৰ , আচাৰ-ব্যৱহাৰ আদিবোৰ বহুখিনি গঢ় লৈ উঠে । শতকৰা ৮০ ভাগ যুৱক-যুৱতী মদ, দ্ৰাগছ , কানি আদিৰ কবলত পৰে সংগৰ দোষতে । নানা ধৰণৰ যৌন অপৰাধ সংঘটিত কৰা , আসুৰিক আনন্দ ল’বলৈ গৈ বাইক ষ্ট্ৰাণ্ট কৰা , ৰেচ লগোৱা , পিকনিক আদিত গৈ আনন্দৰ চৰম সীমা চেৰাই গৈ মৃত্যুক আকোঁৱালি লোৱা এইবোৰ সকলো সংগৰ দোষতে হয় । আনকি নৈতিক স্খলন, ভ্ৰষ্টাচাৰত লিপ্ত , কৰ্মৰ প্ৰতি অনিহা , সময়ৰ অপব্যৱহাৰ আদিবোৰতো সংগৰ বহুত খিনি অৰিহণা আছে । জ্ঞানী লোকৰ মতে “নিৰাময়তকৈ প্ৰতিকাৰেই ভাল” বুলি কোৱা কথাষাৰ ল’ৰা ছোৱালীৰ ক্ষেত্ৰত সৰুৰে পৰাই প্ৰয়োগ হ’লে সংগত পৰি হোৱা কুফলবোৰ আঁতৰাব পাৰি ।

মানুহৰ জীৱনত সংগৰ গুৰুত্ব সম্পৰ্কে স্বামী বিবেকানন্দই কৈছে “বৰষুণৰ টোপাল আকাশৰ পৰা পৰে । যদি আমি সেই টোপালবোৰ দুহাত মেলি ধৰোঁ সেয়া ইমানেই বিশুদ্ধ যে আমি খাব পাৰোঁ , যদিহে একেখিনি টোপালেই নলাত পৰে সেয়া ভৰি ধোৱাৰো অযোগ্য হৈ পৰে । তেনেকৈ তপত পৃষ্ঠাত পৰিলে টোপালবোৰ ভাপ হৈ উৰি যায় , পদুমৰ পাতত পৰিলে মুকুতাৰ দৰে জিলিকি উঠে আৰু শামুকৰ পেটত পৰিলে সেয়া মুকুতা হৈ পৰে । পানীখিনি ক’ত পৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰে টোপালবোৰৰ মূল্য ।” তেনেদৰে মানুহৰ মূল্যও কেতিয়াবা সংগই নিৰ্ণয় কৰে । সৎ সংগ সফলতাৰ চাবি কাঠি , সৎ সংগই মনক ইতিবাচক চিন্তাৰ খোৰাক যোগায় । “আপোন ভালেই জগত ভাল” যদিও সততে লগ পাই থকা ভিন্ন ৰুচিৰ মানুহখিনিৰ আচাৰ ব্যৱহাৰ , ধৰণ-কচনে আমাৰ মনত প্ৰভাৱ পেলোৱাটো একেবাৰে স্বাভাৱিক কথা । সংগই মানুহৰ জীৱনৰ গতিপথ সলনি কৰি দিব পাৰে । কিছুমান সংগতকৈ নিসংগ হৈ থকাটো বেছি ভাল বুলিহে বিবেচনা কৰিব পাৰি । কিতাপ পঢ়া গুণটোৱে বা ৰেডিঅ’টোৱেও মানুহক সংগ দিয়ে । তেনেকৈ টি ভি , চ’ছিয়েল মিডিয়াইও মানুহক সংগ প্ৰদান কৰে আজিৰ দিনত । ইয়াতো আকৌ সৎ অসৎ দুয়োটাই আছে কোনটো বাচি লও আমাৰ ওপৰত কথা । স্কুলতে বা বিয়া সকামেই হওক , কোনো অনুষ্ঠানতে হওক বা নামঘৰতে হওক নিজৰ ৰুচি অনুসৰি মনে মিলাসকলৰ মাজতহে কথা-বতৰা হয় আৰু সেইসকলৰ মাজতে একোটা একোটা গোট হৈ পৰে । কোনোবাজনে যদি মনে মিলা মানুহ নাপায় তেন্তে তেওঁ বহুত সংগৰ মাজতো নিসংগ হৈ থাকে ।সংগ নিসংগতাৰ লগৰী , অকলশৰীয়া জীৱনৰ লগ । উপযুক্ত বয়সত নিৰ্বাচন কৰি লোৱা মনে মিলা সংগীয়ে জীৱন সুখময় কৰি তোলে নাইবা গোটেই জীৱন অসুখী হৈয়েই কটাব লগীয়া হয় । সৰু কালত ল’ৰা ছোৱালীয়ে কাৰ লগ লৈছে কেনেকুৱা সংগত ঘূৰিছে সেয়া চকু দিয়াটো মাক-দেউতাকৰ কৰ্তব্য আৰু বুজা হোৱাৰ বয়সৰ পৰা কাৰ সংগই বেছি লাভৱান কৰিব সেয়া নিৰ্বাচন কৰাটো নিজেই বুজিব লগে । কিয়নো কথাতে আছে “সৎ সংগে স্বৰ্গবাস অসৎ সংগে সৰ্বনাশ । “

জুৰি শইকীয়া