স্মৃতি— নৱনীতা_ডেকা

#স্মৃতি

ব্যস্ততাৰ ভৰা এই দুনিয়াত
সকলোতে নিজক মিলোৱাৰ চেষ্টাৰে
অসহায় মই নীৰৱ প্ৰাৰ্থী।

লগতে গোপনে সাক্ষী মোৰ স্মৃতিবোৰ,,

হেৰৌ তহঁতে কি বুজিবি?
বুকুত লাগি থকা এই ঘাঁৰ চেকুৰা
কিমান অসহ্যকৰ….
তহতে নুবুজিবি,,
ইয়াৰ যন্ত্ৰণা
আৰু তিক্ততাৰে পাৰ হোৱা মোৰ প্ৰতি নিশা।।

হাৰি যোৱাৰ বেদনাত আত্মসমৰ্পণ সকলো,,

সময়ে অৱকাশ দিলে এদিন সকলোৱে বুজিবি।
যদি আঁতৰে এই বিষাক্ত দিনৰ অস্তিত্ব,
তেন্তে লৈ আহিম
এটি নতুন দিনৰ সাৰথি।।

✍️ #নৱনীতা_ডেকা