স্মৃতি — আনন্দ ৰয়

pc-printrest

স্মৃতি
___
কেতিয়াবা অতীত স্মৃতিৰ পাতখিলা মেলি ছাইছানে?
কেতিয়াবা মনত পেলাইছানে?
মই জানো তুমি নোৱাৰিবা।
কিয়নো,
সেই অতীতত তুমি দিছিলা মোক মিছা প্ৰতিশ্ৰুতি,
আৰু দিছিলা বহু আশা।
আজি মই পাৰ কৰিছো সময়
কিছুমান আধা অকাঁ ছবিৰ দৰে।
আজি মই জীয়াই আছো
কিছুমান ছন্দ নথকা মাদকতাহীনৰ দৰে।
সচাই!অতীত অতীত হ’লেও
স্মৃতিবোৰ যেন মছিব পৰা নাই।
পাহৰিব পৰা নাই মই তোমাক
আৰু তোমাৰ মিছা ভালপোৱাক।

আনন্দ ৰয়
গাওঁ-২ নং মাকেলী
জিলা -কামৰূপ (অসম)