স্মৃতিৰ এটি দুটি কথাৰে(১) – মাধুৰী শৰ্মা সভাপণ্ডিত

স্মৃতিৰ এটি দুটি কথাৰে(১)

খৰধৰকৈ সকলো সামৰি চাকৰিলৈ ওলাই যাব লাগে মনা।কাষতে ট্ৰেইন ষ্টেচনটো-ট্ৰেইন এক চেকেণ্ড পলম নহয়।একঘণ্টাৰ বাট।দীপো যাব লাগে একে সময়তে।চমিয়ে স্কুলবেগ নিজৰ লগতে ভায়েকৰো সামৰি দুৱাৰ মুখত গাড়ীৰ বাবে অপেক্ষা কৰে।সৰুৰে পৰা নিজৰ কাম নিজে কৰিব লগা হোৱাত টিফিন ৰেডি কৰা-বাচন খাই উঠি ৱাচিং মেচিনত ভৰাই ৰং মনে ভায়েকক হাতত ধৰি সাত বছৰীয়া চমি স্কুললৈ সাজু হয়।কনমানি ৰিনজাক চাবলৈ চাৰ্লি আহে।দেউতাকে ড্ৰপ কৰি যায়।দুৱাৰত নক কৰা শুনিলেই খুলি দিও।
সু প্ৰভাত-জনাই সোমাই অহা চাৰ্লিক দেখি ভাল লাগে।ইমান শান্ত-ইমান সুন্দৰকৈ ৰিনজাৰ যত্ন লয়।এমাহৰ বাবে জীয়াৰীৰ ঘৰলৈ আহিছো।সিহঁতৰ ব্যস্ততা দেখিলে বেয়া লাগে।ঘৰৰ বিন পেলোৱাৰ পৰা ফুলনি চাফা কৰালৈকে সকলো নিজ হাতে কৰিব লাগে ।ক্লিনাৰ গৰাকী সপ্তাহত দুদিন আহে।দুদিন ৰান্ধিবলে আহে শ্ৰীলংকাৰ ৰুবী।ৰুবীৰ দোচা দেওবাৰৰ সুন্দৰ ব্ৰেকফাষ্ট সঁচাই অপূৰ্ব।তাইৰ ৰ’ল-বেঙেনাৰ গাখীৰ দি ৰন্ধা তৰকাৰী কিযে সুন্দৰ।ৰন্ধাৰ মাজে মাজে ৰুবীয়ে মাক-ভনীয়েকৰ ফটো দেখুৱায়।দুখ কৰে দুবছৰ মাকক ল’গ নোপোৱাত।সৰু অৱস্থাত ল’ৰা-ছোৱালী কেইটাই আইতাকৰ ঘৰত বৰ ভাল পাইছিল-এতিয়াছোন যাবলে মন নকৰে।এইখন দেশত জন্ম ।ধৰণ কৰণ এই দেশৰে ভাল পায়।উৎসৱ-পাৰ্বনত এৰি অহা ঘৰখনলৈ ৰুবীৰ বৰ মনত পৰে। মনাক নিজৰ ভনী বুলি ভাবে। তাই দুঘৰত ৰন্ধা-বঢ়া কৰে।তাই বৃদ্ধ জেকভৰ ঘৰত এদিনো নোযোৱাকৈ থাকিব নোৱাৰে-তাই নগলে জেকভ আৰু পত্নী অনাহাৰে থাকিব লাগিব।জেকভে যিমান পাৰে সিমান পত্নীৰ যত্ন লয়।বিচনাত পত্নী এলিজা।এসময়ৰ দুয়োজন বিখ্যাত ডাক্তৰ।তেওঁলোকে বহু লোকক জীৱন দিলে-শেষ বয়সত নিঃসহায় বাৰ্ধক্য আৰু ৰোগগ্ৰস্ততা । জেকভৰ ল’ৰা দুটা দুঠাইত।এটা নৰৱেত এটা আমেৰিকাত।কেণ্টলৈ দুঘণ্টাৰ বাট নৰৱেৰ পৰা।পাঁচ বছৰ অহাই নাই ঘৰলে।বৰদিনত নাতিলৈ কিনা উপহাৰ কেইটা ৰুবীৰ হাতত দি হুকহুকাই কন্দা মিচেছ এলিজাৰ সেই দুখ ৰুবীয়ে সহিব পৰা নাছিল।বৰদিনৰ দিনা ৰুবীয়ে এলিজাক এটি কেক আৰু তেওঁ ভালপোৱা ফুলৰ ঠোকেৰে অভিবাদন জনাইছিল দিনটোৰ আৰম্ভনিতে।ৰুবীৰ মনটো গধূৰ হৈ পৰে দুয়োটা পুত্ৰই যেতিয়া এদিনো তেওঁলোকৰ খবৰ নাৰাখে ।ৰুবীক প্ৰায়ে কয় নিজৰ কথা ভাবিবা-বুঢ়া বয়সৰ বাবে পইচা সাচিবা।যাতে আমাৰ দৰে নহয়।সেইখন দেশত ফিউনাৰেল ইনচুৰেঞ্চ থকাত সেইয়া তেওঁলোকে কৰি ৰাখিছে। কিমানযে কথা পাতে ৰুবীয়ে। সময় হ’লে মোক ওচৰৰ শিখ সকলৰ মন্দিৰলৈও লৈ যায়।পৃথিবীৰ সকলো ঠাইৰে মানুহৰ সুখ-দুখ একেই।গুৰুদ্বাৰত লংগৰত মূৰত হালধীয়া কাপোৰ ল’বলৈ সকিয়াই দিয়া ভদ্ৰ লোক জনৰ লগত কথা পাতি আপোনপাহৰা হৈছিলো-তেওঁৰ গুৰিয়াই দিল্লীত পঢ়া-শুনা কৰিছে।মনা-দীপ অফিছত থকাৰ সময়ত ৰুবী-চাৰ্লি মোৰ বন্ধু হৈ পৰিছিল।অকলশৰীয়া অনুভৱ নহৈছিল।চাৰ্লিক গধূলি দেউতাকে অফিছ ছুটীৰ পিছত নিবলে আহে।হাঁহি মুখে ৰিনজাক খুৱাই-বুৱাই সকলো ৰেডি কৰি যায়গৈ।মনা অহালৈকে ৰিনজা মোৰ লগত থাকে-দুবছৰীয়া নাতিজনী।
চাৰ্লিৰ কথাবোৰ বৰ মৰমলগা।মিচেছ শৰ্মা তোমাৰ জীয়াৰী নিয়মানুবৰ্তি-পৰিপাটী।বেবীৰ গাখীৰ বটলৰ পৰা নেপিলৈকে ইমান চিজিল-হাত দিলেই সকলো পাও।মনাক প্ৰশংসা কৰি দেউতাকৰ খোজত খোজ মিলাই গুদ বাই দি চাৰ্লি যায়গৈ।সকলো ইমান কৰ্মী-তৃতীয় লিংগৰ ব্যক্তি চাৰ্লিৰ প্ৰতি সন্মান জনালোঁ শ্ৰদ্ধাৰে ছোৱালীজনীয়ে পুৱা কোৱা কথাষাৰ মনত পৰি ভাল লাগিল।এইখন দেশে মোক কৰ্মী হ’বলৈ শিকালে।ভাল লাগিল এইখন দেশে শৰনাৰ্থী ৰপে অহা ৰুবী হঁতকো এনেদৰে কৰ্মঠ কৰিছে। গৃহযুদ্ধৰ বাবে শ্ৰীলংকা এৰিবলে বাধ্য হোৱা তামিলমূলৰ ৰুবীয়ে কৈছিল এইখন দেশক ধন্যবাদ। গৃহযুদ্ধৰ বাবে শ্ৰীলংকা এৰিবলৈ বাধ্য হৈছিল কেনেকৈ। শৰনাৰ্থী ৰূপে অহা তেওঁলোকক পৰিবৰ্তিত সময়ত বৃটিছ চৰকাৰে আশ্ৰয় দি স্থায়ী বাসিন্দা নকৰা হ’লে তেওঁলোকৰ জীৱন দুৰ্বিসহ হ’লহেতেন।

মাধুৰী শৰ্মা সভাপণ্ডিত