স্বাস্থ্য বিভাগত শীঘ্ৰে ৯ হাজাৰ খালী পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’বঃ স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত

Pc Northeast Today

স্বাস্থ্য বিভাগত শীঘ্ৰে ৯ হাজাৰ খালী পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’বঃ স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই টিহুত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে ৰাজ্য চৰকাৰে আৰম্ভ কৰা এক লাখ নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে স্বাস্থ্য বিভাগত শীঘ্ৰে ৯ হাজাৰ খালী পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব। তেওঁ নিশা টিহুত ত্ৰিশখন বিছনাযুক্ত চিকিৎসালয় (প্রাথমিক প্ৰেৰণ গোট)ত আকস্মিকভাৱে উপস্থিত হৈ চিকিৎসালয়খনৰ নৈশ পৰিৱেশ নিৰীক্ষণ কৰে। পৰিদৰ্শনকালত নৈশ দায়িত্বত থকা চিকিৎসক আৰু নাৰ্ছৰ সৈতে মত বিনিময় কৰি এফ আৰ ইউখনত দৈনিক চিকিৎসাৰ বাবে অহা ৰোগীৰ বিষয়ে খবৰ লোৱাৰ লগতে চিকিৎসালয়খনৰ অসুবিধাৰ বুজ লয়। সংবাদ মাধ্যমৰ আগত তেওঁ লগতে প্ৰকাশ কৰে যে ৰাজ্যৰ স্বাস্থ্য বিভাগত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ নতুনকৈ নিযুক্তিৰ পিছতে ৰাজ্যৰ মডেল হাস্পতালসমূহৰ সমস্যা সমাধান হ’ব। ইয়াৰ পূৰ্বে অগপৰ কাৰ্যকৰী সভাপতি তথা স্বাস্থ্যমন্ত্রী মহন্তই টিহু নগৰ আঞ্চলিক অগপ কাৰ্যালয়ত উপস্থিত হৈ দলীয় সতীৰ্থসকলৰ সৈতে মত বিনিময় কৰে।