স্বাধীনতা সংগ্ৰাম আৰু দেশপ্ৰেমৰ পৰীক্ষাত ভাৰতীয় মুছলমান — ফখৰুদ্দিন আহমেদ

pc-harayanamagaze

স্বাধীনতা সংগ্ৰাম আৰু দেশপ্ৰেমৰ পৰীক্ষাত ভাৰতীয় মুছলমান
~~~~~~~

ফখৰুদ্দিন আহমেদ

ভাৰতবৰ্ষত প্ৰায় ছ শ বছৰীয়া মোগল সাম্ৰাজ্যৰ পতনৰ মুহূৰ্তত প্ৰথমে পতুৰ্গীজ সকলক আৰু পিছলৈ ইংৰাজ সকলক ব্যবসায় কৰিবলৈ দিয়াৰ ফলতেই পৰাধীনতা স্বীকাৰ কৰিবলগা হৈছিল। এই প্ৰক্ৰিয়াত বহুতো ঘটনা প্ৰবাহ জৰিত হৈ আছে। ইং ১৮২৬ বৰ্ষত মানৰ সৈতে হোৱা ইংৰাজ সকলৰ ইয়ান্ডাবু সন্ধিৰ ফলত ইংৰাজ সকলে অসমকো শাসনৰ সুবিধাৰ বাবে ভাৰতবৰ্ষৰ সৈতে সামৰি লৈছিল। বেলি মাৰ নোযোৱা সাম্ৰাজ্যৰ অধিকাৰী ইংৰাজ সকলে ভাৰতবৰ্ষক শাসন কৰিবলৈ “Divide and Rule” নীতি প্ৰয়োগ কৰাৰ ফলত ক্ৰমান্বয়ে অতিষ্ঠ হৈ উঠিছিল ভাৰতবাসী।
ফলত নিজৰ মাতৃভুমিৰ স্বাধীনতাৰ বাবে ভিতৰি ভিতৰি জাগি উঠিছিল সমগ্ৰ দেশবাসী। এই উমি উমি জ্বলি থকা জুই কুৰাক প্ৰকাশ কৰিছিল হজৰত শ্বাহ ওলি উল্লাহ দেহলৱীয়ে। পিছলৈ তেখেতৰ সুসন্তান শ্বাহ আব্দুল আজিজ দেহলৱীয়ে ইংৰাজৰ বিৰুদ্ধে প্ৰথম যুদ্ধ কৰাৰ ফটোৱা জাৰি কৰিছিল।
ইংৰাজৰ বিৰুদ্ধে কৰা স্বাধীনতা সংগ্ৰামত ভাৰতবৰ্ষৰ হিন্দু , মুছলমান , শিখ , খ্ৰীষ্টান , জৈন , বৌদ্ধ সকলো ধৰ্মাৱলম্বী লোকে যোগদান কৰিছিল । এই সকলৰ ভিতৰত জাতিৰ পিতা মহাত্মা গান্ধী , নেতাজী সুভাস চন্দ্ৰ বসু , পন্ডিত জৱাহৰলাল নেহৰু , বাল গংগাধৰ তিলক , লালা লাজপট ৰয় , বিপিন চন্দ্ৰ পাল , ভীমৰাও আম্বেদকাৰ , মৌলানা আবুল কালাম আজাদ , পিয়লি ফুকন , মনিৰাম দেৱান , গোপীনাথ বৰদলৈ আদি আছিল অন্যতম।
ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত আন সকলো ধৰ্মৰ লোকৰ সৈতে মুছলমান সকলৰো বৰঙনি আছে। বিশেষকৈ ভাৰতীয় উলামা সকলৰ ত্যাগ এই ক্ষেত্ৰত উল্লেখনীয়।ইংৰাজ বুৰঞ্জীবিদ সকলৰ দ্বাৰা মূলতে লিখিত ভাৰতীয় স্বাধীনতাৰ ইতিহাসত এনে ত্যাগৰ ঘটনাৱলী পাবলৈ বিৰল। বিখ্যাত জালিৱানাবালাবাগৰ নিৰ্মম হত্যাকান্ডৰ পিছত স্বাধীনতা সংগ্ৰামী খান আব্দুল গফ্ফৰ খানে জেনেৰেল ডায়াৰক প্ৰত্যাহ্বান জনাই কৈছিল আপুনি যদি গুলিত শ্বহীদ হোৱা মুছলমানৰ পিঠিত গুলিৰ আঘাত দেখুৱাব পাৰে তেন্তে মই স্বাধীনতা সংগ্ৰামৰ পৰা অব্যাহতি ল’ম। তাৰ পিছত শ্বহীদ হোৱা সত্তুৰ গৰাকী মুছলমানৰ পোষ্ট মৰ্টেম ৰিপোৰ্টত বুকুত গুলি বিদ্ধ হোৱাটো প্ৰমান হয়। দেশৰ স্বাধীনতাৰ বাবেই আনৰ লগতে মুছলমান সকলেও বুকু পাতি দিয়া এয়া এক নজিৰহে মাত্ৰ।
ইংৰাজৰ বিখ্যাত ইতিহাসবিদ এডৱাৰ্ড থমচনে লিখা মতে দেশৰ স্বাধীনতাৰ সপক্ষে মাত মতাৰ বাবে ইং ১৮৬৪ চনৰ পৰা ১৮৬৭ চনৰ ভিতৰত ভাৰতীয় উলামা সকলক নিশেষ কৰাৰ পৰিকল্পনা ইংৰাজ সকলে গ্ৰহন কৰিছিল।সেই মৰ্মে ইংৰাজ সকলে চৈধ্য হাজাৰ উলামাক ফাঁচী কাঠত ওলমাইছিল। দিল্লীৰ চান্দনী চ’কৰ পৰা খয়বৰলৈ ৰাস্তাৰ দাঁতিত এনে এজোপা গছ নাই যি জোপা গছত কোনো উলামাক ফাঁচী দিয়া হোৱা নাছিল। তেখেত সকলৰ শৰীৰত লো গৰম কৰি দাগ দিয়া হৈছিল আৰু লাহোৰৰ শ্বাহী মছজিদৰ বাৰান্দাত ফাঁচী শাল পাতি ইংৰাজ সকলে দৈনিক আশী জনকৈ উলামাক ফাঁচী কাঠত ওলমাইছিল। ইংৰাজৰ ফাঁচী কাঠত দেশৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰি জীৱন আহুতি দিয়া উলামা সকলক পিছলৈ জুইত জ্বলাই দিয়াৰ ব্যবস্থা কৰিছিল।
জাতিৰ পিতা মহাত্মা গান্ধীৰ দ্বাৰা ঘোষিত অসহযোগ আন্দোলনত ইং ১৯৩০ চনত অংশ গ্ৰহন কৰি চৈধ্য হাজাৰ উলামাই দেশৰ কাৰনে কাৰাবৰন কৰিবলগা হৈছিল। এইখিনিতে জীৱনৰ আধাতকৈ বেছি সময় স্বাধীনতা সংগ্ৰামত অংশ কৰাৰ বাবে জেলত অতিবাহিত কৰা কেইগৰাকীমান মুছলমান লোকৰ নাম উল্লেখ কৰা হ’ল-১) মৌলানা চৌকত আলি , ২) মৌলানা মহম্মদ আলি , ৩) শ্বেইখুল হিন্দ মৌলানা মাহমুদুল হাচান , ৪) মৌলানা হুছাইন আহমদ মাদানী , ৫) মৌলানা চৈয়দ আহমদ ৰায়বেৰেলী , ৬) মৌলানা ইছমাইল শ্বহীদ ,৭) উবাইদুল্লাহ সিন্ধি ,৮) আটাউল্লাহ শ্বাহ বুখাৰী ,৯) মৌলানা কাচিম নানুতৱী , ১০) হাজী ইমদাদুল্লাহ মুহাজিৰে মক্কী , ১১) মহাবীৰ টিপু চুলতান , ১২)মৌলানা ৰশ্বীদ আহমদ গাংগুহী ,১৩) আশ্বফাকুল্লাহ খান আদি অন্যতম।
অসমতো ইয়াৰ ব্যতিক্ৰম হোৱা নাছিল। অসমৰ মুছলমান সকলেও স্বাধীনতা সংগ্ৰামত জীৱন আহুতি দিছিল। ইয়াৰ প্ৰমান বিশেষকৈ দৰং জিলাৰ পাথৰিঘাটৰ কৃষক বিদ্ৰোহত প্ৰমানিত হয়। কৃষক বিদ্ৰোহত ইং ১৮৯৪ চনৰ ২৮ জানুৱাৰীত ইংৰাজৰ গুলিত শ্বহীদ হোৱা কৃষক সকলৰ একাংশ হ’ল- ১) পথৰু ছেখ ,২) ফাজিল ছেখ, ৩)হাইদিয়া ছেখ ,৪)বৰলিকিৰা ছেখ, ৫) বলি ছেখ,৬) কাটা ছেখ,৭)আলিম ছেখ,৮)ভেবা ছেখ । ইয়াৰ উপৰিও ইং ১৯২২ চনৰ ১৫ ফেব্ৰুৱাৰীত কানাইঘাটত ইংৰাজৰ গুলিত শ্বহীদ হোৱা লোক সকল হ’ল- ১)মৌলানা আব্দুচ ছালাম, ২) আব্দুৰ ৰহীম,৩)জ্বৰ আলী , ৪) মৌলৱী আজিজুৰ ৰহমান ,৫) মুছা মিঞা আদি অন্যতম।ভাৰতবৰ্ষৰ পৰা আফগানিস্তানৰ পৰা পাকিস্তানলৈ বিভাজন হোৱালৈকে মুঠ সাত বাৰ বিভাজন হৈছে। স্বাধীনতাৰ প্ৰাক ক্ষনত মুছলিম লীগৰ নেতা মহম্মদ আলি জিন্নাৰ ক্ষমতাৰ খকত ধৰ্মৰ ভিত্তিত হোৱা ভাৰতবৰ্ষৰ বিভাজনত ভাৰতবৰ্ষৰ বহুতো মুছলমানে নিজৰ দেশ খনিক এৰি পাকিস্তানলৈ নগ’ল ।জীৱনে মৰনে ভাৰতীয় হৈ থাকিবলৈ অংগীকাৰবদ্ধ হৈ ভাৰতবৰ্ষত ৰৈ গ’ল। স্বাধীনোত্তৰ কালত ভাৰতীয় মুছলমান সকলে মাতৃভুমিৰ কাৰনে সাহিত্য , সংস্কৃতি , ৰাজনীতি , সমাজনীতি , ন্যায় পালিকা , সম্প্ৰীতি , স্থাপত্য , ভাষ্কৰ্য আৰু বলিউড জগত আদি সকলো ক্ষেত্ৰতে পাৰ্যমানে অৰিহনা যোগাই অহাত কৃপনালি কৰা দৃষ্টিগোচৰ হোৱা নাই। কিন্তু বিগত কিছু বছৰ ধৰি ভাৰতীয় মুছলমান সকলে দেশপ্ৰেমৰ পৰীক্ষাত অবতীৰ্ন হৈ আহিবলগা হৈছে কাৰন দেশৰ এচাম অন্ধ ভক্তই ভাৰতীয় মুছলমানৰ অৰিহনা আৰু দেশপ্ৰমৰ ক্ষেত্ৰত প্ৰশ্নৰ অবতাৰনা কৰি আহিছে।
সাংবিধানিক ভাবে আমাৰ দেশখন ধৰ্মনিৰপেক্ষ। ইয়াত সকলো ধৰ্মৰ লোক সকলৰ অধিকাৰ সমান। বিশেষকৈ ভাৰতবৰ্ষৰ ৰাজনীতিৰ ইং ২০১৪ চনত হোৱা পট পৰিৱৰ্তনৰ সময়ৰ পৰা চলিত বি জে পিৰ শাসন কালত কিছুমান হিন্দুত্ববাদী সাধু , সাংসদ আৰু নেতাই ভাৰতীয় মুছলমানক মোগলৰ বংশধৰ বুলি প্ৰত্যক্ষ ভাবে অভিহিত কৰিছে। এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰি যে ভাৰতবৰ্ষত প্ৰথম মছজিদটি ইং ৬২৯ খৃষ্টাব্দত কেৰেলা ৰাজ্যত নিৰ্মান কৰা হৈছিল। সেই সময়ত আৰবৰ মদিনা চহৰত ইছলাম ধৰ্মৰ শেষ প্ৰচাৰক হজৰত মহম্মদ চল্লাল্লাহু আলাইহি ৱা চাল্লাম জীৱিত আছিল। ভাৰতবৰ্ষৰ মুছলমান সকলৰ মাজত মোগলৰ বংশধৰ থাকিব পাৰে কিন্তু সকলো ভাৰতীয় মুছলমানেই মোগলৰ যে বংশধৰ নহয় এয়া ধ্ৰুব সত্য। কোনো কোনো মহলে ভাৰতীয় মুছলমান সকলৰ প্ৰাচীন ইতিহাস আৰু স্বাধীনতা সংগ্ৰামৰ ইতিহাসক পোনচাতেই নস্যাৎ কৰি দেশদ্ৰোহীৰ আসনত বহুৱাব খোজে।এনে বিকৃত মানসিকতাৰ ফলশ্ৰুতিতেই কিছুমান উগ্ৰ হিন্দুত্ববাদীৰ নিৰ্মমতাত ম’ব লিঞ্চিঙৰ দৰে জঘন্য কান্ডদেশৰ ভিভিন্ন ৰাজ্যত ইতিমধ্য ইতিমধ্যে সংঘটিত হৈ গৈছে। এটি প্ৰবাদ আছে ” ইতিহাস বিকৃত কৰিব পাৰি কিন্তু সলনি কৰিব নোৱাৰি।” সাম্প্ৰতিক সময়ৰ ৰাজনৈতিক বাতাবৰনত দীন দয়াল উপাধ্যায়ৰ প্ৰচাৰ যিমান হৈ আছে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰচাৰ কমি গৈছে ।আনকি জাতিৰ পিতা গৰাকীৰ হত্যাকাৰী নাথুৰাম গডছেক পুজাৰ বেদীত বহুওৱা হৈছে। পৰিস্থিতিৰ তাগিদাত ভাৰতীয় ইতিহাসৰ বিকৃতকৰন প্ৰক্ৰিয়াত হয়তু ভাৰতীয় মুছলমানৰ স্বাধীনতা সংগ্ৰামৰ গৌৰৱোজ্বল ইতিহাসৰ বিলুপ্তি ঘটিব, কিন্তু যুগে যুগে মাতৃভুমি ভাৰতবৰ্ষৰ প্ৰতি থকা দেশপ্ৰেমৰ সফল প্ৰদৰ্শনত ভাৰতীয় মুছলমান সদায় প্ৰথম শাৰীত অবস্থান কৰি থাকিব।