স্বাধীনতা দিৱসৰ অনুভৱঃ বহুতৰ বাবে এক নষ্টালজিয়া- মানসী মিশ্ৰ

pc- Youth Ki Awaaz

স্বাধীনতা দিৱসৰ অনুভৱঃ বহুতৰ বাবে এক নষ্টালজিয়া

মানসী মিশ্ৰ

    ৰাজ্যৰ চুকে-কোণে, প্ৰান্তে প্ৰান্তে স্বাধীনতা দিৱসৰ বিশাল আয়োজন চলিছে। জিলা সদৰ সমূহতো স্বাধীনতা দিৱসৰ আয়োজনৰ প্ৰস্তুতি চলিছে। যোৱাটো বৰ্ষৰ পৰা কোভিদ মহামাৰীৰ পৰিপ্ৰেক্ষিতত স্বাধীনতা দিৱস অনাড়ম্বৰ ভাৱে আয়োজন কৰা হৈ আহিছে। এই দিনটো আহিলে পলকতে মনটো আনন্দিত হয়। এইবাবেই যে এই দিনটোতেই আমাৰ ভাৰতবৰ্ষই সুদীৰ্ঘকাল ইংৰাজৰ কঠোৰ শাসনৰ তলত থকাৰ অন্তত বৃটিছৰ বগা চাহাবৰ পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত হৈছিল। ঠিক একেদৰেই বছৰৰ পিছত বছৰ পাৰ হৈ গʼল। ১৫ আগষ্টৰ দিনটো আহিলেই ৰাজ্য চৰকাৰ, ৰাইজ প্ৰস্তুত হয় স্বাধীনতা লাভ কৰা এই বিশেষ দিনটোক বিশেষভাৱে আদৰিবলৈ আৰু তাৰ বাবেই এই দিনটোত কিছু আনুস্থানিকতা সম্পন্ন কৰা হয়। এইবাৰ কোভিদ-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত স্বাধঘীনতা দিৱস উদযাপনৰ প্ৰস্তুতি কম। অনাড়ম্বৰ ভাৱে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে। কিন্তু তৎস্বত্তেও স্বাধীনতা দিৱস, গণৰাজ্য দিৱস আদি আহিলেই মনটোত কিছু প্ৰশ্নই জুমুৰি দি ধৰেহি। সঁচা অৰ্থৎ আমি স্বাধীন হব পাৰিছোঁনে বাৰু ? দেশৰ স্বধীনতাৰ বাবে সৌ তাহানিতে হেজাৰ হেজাৰ লোকে নিজৰ নিজৰ তপ্ততেজ দিছিল। এই তেজৰ মূল্য আমি দিব পাৰিছোঁ নে বাৰু ? বিশেষকৈ আমিবোৰ জনাবুজা হোৱাৰ পৰাই দেখিছোঁ স্বাধীৱতা দিৱস আহিলেই কেতবোৰ অশুভ শক্তিয়ে মূৰ দাঙি উঠে আৰু হকে বিহকে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ প্ৰস্তুত হৈ উঠে। প্ৰায় তিনিটামান দশক আগৰে পৰাই স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস আহিলে দুদিনমান আগৰে পৰাই যেন ৰাজ্যত এক গোমা পৰিৱেশে বিৰাজ কৰে। বহুতেই স্বাধীনতা দিৱসত স্বাধীনতাৰ সোৱাদকণেই লৈ পোৱা নাই আজিলৈ। অথচ এই দিনটোতে আমাৰ ৰাজ্যৰ মানুহবোৰে স্বাধীন দেশৰ নাগৰিক হিচাপে স্বীকৃতি লাভ কৰিছিল। স্বাধীনতা দিৱসৰ পৱিত্ৰ মূহুৰ্তত সমনীয়াৰ হাতত ধৰাধৰীকৈ ৰাষ্ট্ৰীয় পতাকাৰ তলত থিয় হৈ ৰাষ্ট্ৰীয় সংগীত গোৱাৰ সেই বিমল আনন্দৰ পৰা বঞ্চিত হৈছোঁ। একেলগে লগ লাগি বুটমাহ খোৱা, চকলেট খোৱা, কথাছবি গৃহত সমনীয়া, শিশু, চেমনীয়াৰ লগত  বহি কথাছবি চোৱাৰ দৰে আনন্দদায়ক মূহুৰ্তবোৰৰ কথা  পৰিয়াল অথবা জ্যেষ্ঠজনৰ পৰা শুনিছোঁ। আমি কিন্তু নিজে সেই জগতখনৰ পৰা বঞ্চিত হৈ আহিছোঁ। এইবোৰ কথা এতিয়াৰ বয়সত নিজৰ পৰিপক্ক মানসিকতাৰে চালিজাৰি চালে নিজকে দূৰ্ভগীয়া যেন বোধ হয় এইবোৰেই যে স্বাধীনতা দিৱস, গণৰাজ্য দিৱস আদি মহত্বপূৰ্ণ দিন একোটাতো আমাক ভয়, সন্ত্ৰাস আদিয়ে খেদি ফুৰে। হেজাৰ হেজাৰ ভাৰতীয়লোকৰ অক্লান্ত, শ্ৰম, ত্যাগ, ধৈৰ্য্য আৰু টোপাল টোপাল তেজৰ বিনিময়ত দেশে স্বাধীনতা লাভ কৰাৰ পিছত এই মহান দিনটোত এচাম লোকে সমাজ কিছু নেতিবাচক কামৰ যোগেদি। এনে কাৰ্যৰ দ্বাৰা দৰাচলতে আমাৰ স্বাধীনতাৰ মৰ্য্যাদাক অপমান কৰা হৈছে। বহু সংগ্ৰামী সত্বাৰ ত্যাগ আৰু আদৰ্শক যেন উপলুঙা কৰা হৈছে। আমাৰ ৰাজ্যখনত যদি তিনিটামান দশকৰ পৰিস্থিতি পৰ্য্যালোচনা কৰি চাওঁ তেন্তে এনে ভাৱ হয় স্বাধীনতা, গণতন্ত্ৰ আদি শব্দবোৰ আমাৰ ৰাজ্যখনৰ বাবে মূল্যহীন হৈ পৰিছে।

    স্বধীনতা দিৱস আহিলেই প্ৰতিবছৰে মনলৈ আহে ধেমাজি জিলাত অকালতে হেৰাই যোৱা সেইজাক শিশু আৰু কিশোৰ-কিশোৰী। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলনৰ সময়ত জাতীয় সংগীত গাবলৈ বুলি ঘৰৰ পৰা হাঁহি হাঁহি আনন্দেৰে ওলাই যোৱা সেইজাক শিশু আৰু কিশোৰ-কিশোৰী। ঘৰলৈ উভতি আহিল পুৰি কলা হৈ যোৱা একোটি মৃতদেহ হৈ। স্বাধীনতাৰ অৰ্থ ভালদৰে বুজাই হোৱা নাছিল এইজাক শিশুৱে। কি অপৰাধ আছিল তেন্তে এওঁলোকৰ। স্বাধীনতা দিৱসত ভাগ লবলৈ গৈ নিমিষতে পুৰি ছাই হৈ গৈছিল। আমি কোনেও পাহৰিব নোৱাৰো নিৰিহৰ তেজেৰে ফাঁকু খেলা সেই কলংকময় ইতিহাস। এতিয়াও যেন সেই স্মৃতি ভৱনৰ সমুখেদি আহিলে, এজাক লʼৰা-ছোৱালীৰ চিঞৰ কাণত ভাঁহি উঠে। তেওঁলোকে যেন কৈ উঠে আমাক আমাৰ জীৱনবোৰ ঘূৰাই দিয়া, আমাক জীৱনৰ স্বাধীনতাবোৰ ঘূৰাই দিয়া। স্বাধীনতা দিৱস কাষ চাপি আহিলেই নিশ্চই অসমৰ সকলো বিবেকবান মানুহৰে মনত পৰে এই নিৰীহ নিষ্পাপ শিশু আৰু কিশোৰ-কিশোৰীকেইটালৈ। স্বাধীনতা দিৱসৰ মূহুৰ্ত আহিলেই মোৰ মনলৈ আহে আজিৰ একবিংশ শতিকাতো আমাৰ ৰাজ্যত আজিৰ একবিংশ শতিকাতো “ডাইনী”, সোপাধৰা মিছা সন্দেহত মানুহ কোবাই কোবাই হত্যা কৰা কথা। মনলৈ আহে ৬ মহীয়া, ৬ বছৰীয়া শিশু, ৬০ বছৰীয়া মহিলাক নিজৰ পিতৃৰ বয়সৰ পুত্ৰৰ বয়সৰ লোকে বলাৎকাৰ কৰাৰ দৰে নিৰ্লজ কাহিনীবোৰৰ কথা। এয়াই নেকি স্বাধীনতা আমাৰ ৰাজ্যত য’ত এতিয়াও স্বাধীনতাৰ নামত নিৰ্বিবাদে মানৱৰ হত্যা হয়। এতিয়াও যিখন ৰাজ্যত এটা পঞ্চাচ টকা অথবা এশ টকাৰ বাবে মানুহ হত্যা কৰা হয়। দেশে স্বাধীনতা লাভ কৰাৰ পিছত, সংবিধান স্বীকৃত হোৱাৰ পিছতেই আমাৰ যথেষ্ট্ সাংবিধানিক সুৰক্ষা প্ৰদান কৰা হৈছে। সুৰক্ষিত ভাৱে জীয়াই থকাৰ অধিকাৰ দিয়া হৈছে, নিজৰ এলেকাৰ ভিতৰত স্বাধীন ভাৱে ফুৰা চকাৰ অধিকাৰ দিয়া হৈছে, মত প্ৰকাশৰ অধিকাৰ দিয়া হৈছে। জীৱন আৰু সম্পত্তিৰ ওপৰত সুৰক্ষা দিয়া হৈছে, কিন্তু বাস্তৱক্ষেত্ৰত আমি কি দেখিছোঁ জীৱনৰ সুৰক্ষাৰ নূন্যতম অধীকাৰখিনিতো পাব লাগে দেশৰ জনসাধাৰণে, কিন্তু এইসমূহৰ কোনোটোৱে আমি প্ৰকৃততে লাভ কৰা নাই। দেশৰ সাধাৰণ জণসাধাৰণক প্ৰতিটো মূহুৰ্ততে মৃত্যুভয়ে খেদি লৈ ফুৰে। সেই আশংকা বুকুত লৈয়ে ৰাইজে ইফাল-সিফাল কৰিবলগীয়া হয়। স্বাধীনতাৰ ৭৫ বছৰ হোৱাৰ পিছতো ৰাজ্যখনৰ বহু গাঁৱত বিজুলীৰ পোহৰ পোৱা নাই। বহু গাঁৱৰ মানুহে এতিয়াও নৈ, পুখুৰীৰ ঘোলা পানী খায়, কোনোবা ঠাইত আকৌ খাবলৈ পানী টুপীৰো অভাৱ। ৰাজ্যৰ কোনোবা কোনোবা প্ৰান্তত যাতায়তৰ নামত বাঁহৰ সাকোঁ, কোনো ঠাইত আকৌ বাৰিষা খৰালি সকলো সময়ত মানুহে নৈত সাঁতুৰি, নৈৰ বুকুৰেই অহাযোৱা কৰে। সচাঁকথা কবলৈ গ’লে স্বাধীনতাৰ সাতটা দশক পাৰ হৈ যোৱাৰ পিছত উন্নয়নৰ নামত আমি জৰাজীৰ্ণ ছবি এখনহে দেখিবলৈ পাঁও। এতিয়াও এইখন ৰাজ্যত মানুহৰ তিলমানো সুৰক্ষা নাই। অভিভাৱক / পিতৃ-মাতৃয়ে নিজৰ সন্তানক স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত ভাগ লবলৈ যাবলৈ দিব সংকোচ কৰা হ’ল। স্বাধীনতা দিৱসৰ মূহুৰ্তত যদি আমি সেইসকল অভিভাৱক / পিতৃ-মাতৃৰ কথা চিন্তা কৰোঁ, যিসকলে স্বাদীনতা দিৱসৰ কাৰ্য্যসূচীত হাঁহি হাঁহি ভাগ লবলৈ যোৱা নিজৰ নিষ্পাপ শিশুসকলৰ দেহবোৰ এঙাৰত পৰিণত হোৱা নিজ চকুৰে দেখিছিল। সেয়েহে ইয়াৰ পিছত কোনমতে নিজৰ সন্তানক স্বদীনতা দিৱসৰ কাৰ্য্যসূচীত ভাগ লবলৈ এৰি দিব। যিখন ৰাজ্যত নিৰ্ভীকতাৰে সেৱা আগবঢ়াই ৰাইজৰ সুখদুখৰ খবৰ বিলাবলৈ কৰ্তব্য কৰিবলৈ যোৱা ২৪ জন সাংবাদিকক অতি নিৰ্মমভাৱে হত্যা কৰা হৈছিল কেইটামান বৰ্ষৰ ভিতৰতে, তেনে এখন ৰাজ্যত স্বাধীনতা আৰু গণতন্ত্ৰৰ মূল্যই বা ক’ত। আমি স্বাধীন দেশৰ নাগৰিকসকলে ভয়, শংকাহীনভাৱে এটা খোজো যদি আগবঢ়াব নোৱাৰো, তেন্তে ৰাজ্যখনত স্বাধীনতা দিৱস উদযাপনৰ কোনো সাৰ্থকতা নাই। স্বাদীনতা লাভৰ ৭৫ বছৰ পিছতো আমাৰ ৰাজ্যখনৰ শাসক-শাসিত, ধনী-দুখীয়া, পুৰুষ-মহিলাক লৈ ব্যৱধান চলাটো দুখৰ বিষয়। এই ব্যৱধান কমাবলৈ দেশৰ গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচিত হোৱা আমাৰ ৰাজ্যৰ নতুন চৰকাৰখনেও যথেষ্ট যত্ন কৰক। এইক্ষেত্ৰত তেওঁলোকে ৰাইজৰ উন্নয়নক ওচৰৰ পৰা গুৰুত্ব দিব বুলি আমি যথেষ্ট আশাবাদী। তেতিয়াহে আমাৰ স্বজাতি আৰু স্বভূমি সুৰক্ষিত হ’ব আৰু সকলোৱে নিৰ্ভয়ে নিসংকোচে স্বধীনতা দিৱসৰ আনন্দত ভাগ লব পাৰিব।