স্বাগতম নৱবৰ্ষ — ময়ূৰাক্ষী গগৈ, যোৰহাট

 স্বাগতম নৱবৰ্ষ

গতিশীল সময়ৰ আহ্বানত
পুনৰবাৰ পুৰণিক বিদায় দি
নতুনক আদৰাৰ সময় সমাগত।
নৱবৰ্ষৰ আগমনৰ লগে লগে
সকলোৰে মনবোৰ যেন ৰঙীন হয়।
সময় গতি কৰে সুখ-দুখ, হাঁহি-কান্দোনেৰে।
পাৰ হৈ যোৱা অভিশপ্ত ক্ষণ বোৰ
যেন দুনাই উভতি নাহে।
নৱবৰ্ষৰ নৱ প্ৰভাতত
আহক আমি আগবাঢ়ি যাওঁ
নতুন উদ্যম আৰু আশাৰে।

ময়ূৰাক্ষী গগৈ।
যোৰহাট।