স্বাগতম নৱবৰ্ষ-বন্দিতা শৰ্মা কন্দলি

Pc DaFont

স্বাগতম নৱবৰ্ষ

সময় গতিশীল।অনন্ত গতিৰে অবিৰাম ভাবে কালৈকো ৰʼবৰ প্ৰয়োজন বোধ নকৰা সময়ক পল অনুপলকৈ দিন, সপ্তাহ,মাহবোৰ সামৰি বছৰ হিচাপে গণ্য কৰি বাৰ্ষিক কেলেণ্ডাৰ খন প্ৰস্তুত কৰা হৈছে। সময়ৰ গতিত কেলেণ্ডাৰৰ অন্তিম দিনা পুৰণি বছৰটোৱে মেলানি মাগে। কালৰ বুকুত হেৰাই যায় ৩৬৫ দিন বা ১২ মাহ বা এটা বছৰ । পাখি লগা কাঁড়ৰ দৰেই সময়ে অতীত, বৰ্তমান নেওচি গতিকৰে ভৱিষ্যতৰ দিশে। এই চিৰ প্ৰবাহমান শ্ৰোতত বিলিন হৈ পৰে হাঁহি-কান্দোন,সুখ-দুখ ,প্ৰাপ্তি-অপ্ৰাপ্তি , চিন্তা-দুশ্চিন্তা আদিবোৰ। অতীত হোৱা বছৰ টোৰ সকলোবোৰ অৱসাদ আঁতৰাই নতুন আশাক নৱ প্ৰভাতৰ উদিত সুৰুযৰ আলোকেৰে পোহৰাই তুলিবলৈ বিচাৰোঁ নতুন বছৰটোক। যদিও আমাৰ সংস্কৃতিয়ে বʼহাগ মাহটোকহে নৱবৰ্ষ বুলি কয় কিন্তু গতিশীল সময়ে সকলো সলনি কৰি আধুনিক জীৱন শৈলীত ইংৰাজী মাহৰ ১ তাৰিখটোকে সকলোৱে নৱবৰ্ষ হিচাপে গণ্য কৰা
হৈছে। সেয়েহে ১ জানুৱাৰীত নতুন সপোন, নতুন আশা, নতুন প্ৰতিশ্ৰুতিৰে স্বাগতম জনাইছোঁ নৱবৰ্ষক।

চিৰ প্ৰবাহমান সময় অতি মূল্যৱান।সময়ে মূল্য সেইজনকহে দিয়ে যি জনে সময়ৰ মূল্য বুজি পায়। অবাবত খৰছ কৰা সময় নিৰ্দিষ্ট সময়ত বৰ নিষ্ঠুৰ হৈ ধৰা দিয়ে।তেতিয়াই সময়ে ইংগিত দিয়ে অন্ধকাৰ ভৱিষ্যতৰ। ফলস্বৰূপে আমাৰ জীৱন হৈ পৰে দুদোল্যমান। কেৱল কৰ্মইহে সময় নিৰূপণ কৰে । সেয়ে আমাৰ বাবে প্ৰতিটো পুৱা , প্ৰতিটো দিনেই হওক নতুন।

শীতৰ কুঁৱলী ফালি ভাহি অহা প্ৰভাতী পক্ষীৰ সুমধুৰ সুললিত কন্ঠই প্ৰতিগৰাকী নাৰীকে কৰি তোলে প্ৰাণৱন্ত। নতুনৰ দিশে আগুৱাই যোৱা আমি নতুন নাৰী । আমাৰ আশা-আকাংক্ষা হওক সুদুৰপ্ৰসাৰী,আকাশলঙ্ঘী কিন্তু আমি পাহৰি যাৱ নালাগিব আমাৰ শিপাডাল। আমাৰ শিপা হৈছে আমাৰ সংস্কৃতি, আমাৰ আচাৰ-আচৰণ , আমাৰ খাদ্যাভ্যাস আদি। সময়ৰ বালিত খোজ মিলাবলৈ আমি সসন্মানেৰে আগবাঢ়ি যাৱ লাগিব । ইয়াৰ বাবে আমি নিজকে জ্ঞানৰ জেউতি ৰে আলোকিত কৰি পৰিয়ালটিক আদৰ্শ ৰূপে গঢ় দিব লাগিব। নেতিবাচক চিন্তা ধাৰা ,পৰচৰ্চা,পৰনিন্দা আদিৰ পৰা পৰিয়াল টো বচাই ৰখাৰ দায়িত্ব ও নাৰীসকল ওপৰত থাকে। নাৰী গৰাকী এখন ঘৰৰ লক্ষিমী। গতিকে প্ৰতিগৰাকী নাৰীয়েই সময় আৰু দায়িত্ব ৰ প্ৰতি সজাগ হৈ আত্মিক শক্তিৰে সমাজ আৰু দেশৰ উন্নতিৰ হকে আগবাঢ়ি যাব লাগিব। নৱবৰ্ষই প্ৰতি গৰাকী নাৰীক অন্যায়ৰ বিৰুদ্ধে যুঁজ দিবলৈ সক্ষম কৰি তোলক। নৱবৰ্ষই সকলোৰে বাবে কঢ়িয়াই আনক সুখ সমৃদ্ধিৰ নতুন ৰেঙণি।

বন্দিতা শৰ্মা কন্দলি