স্বপ্ন দ্ৰষ্টা-অখিল কুমাৰ বৰুৱা,যোৰহাট

স্বপ্ন দ্ৰষ্টা

এইয়াই নেকি মোৰ দস্তাবেজ
পাহৰি আছিলো নেকি অতীত
শৰতৰ সুবাসৰ মাজত
ফুলিছে পদুলিত
শেৱালি ফুল
ইতিহাস এইয়াই নেকি
জীৱন জুৰি আকাশ
বিচাৰি এক প্ৰকৃত পৰিচয়
চুমি যাবলৈ মন যায়
তিমিল সাগৰ
বুকুৱে যেন বিচাৰি
পায় তোমাৰ আঁচল

অখিল কুমাৰ বৰুৱা… যোৰহাট