‘স্পাইডাৰ মেন: নো ৱে হোমে’ ভাৰতত প্ৰথম দিনাই ৩৩ কোটি টকা সংগ্ৰহ 

Pc bollywood Hungama

‘স্পাইডাৰ মেন: নো ৱে হোমে’ ভাৰতত প্ৰথম দিনাই ৩৩ কোটি টকা সংগ্ৰহ 

ৰঙিলী বাৰ্ত্তাসেৱা-  টম হ’লেণ্ড অভিনীত ‘স্পাইডাৰ মেন: নো ৱে হোম’-এ ভাৰতীয় বক্স অফিচত প্ৰথম দিনাই ৩২.৬৭ কোটি সংগ্ৰহ কৰে, যাৰ ফলত ই ২০২১ চনৰ আটাইতকৈ ডাঙৰ উদ্বোধনী দিনৰ সংগ্ৰহ হৈ পৰে। ইয়াৰ আগতে, ‘সূৰ্যবংশীয়ে’ ইয়াৰ আৰম্ভণিৰ দিনটোত ২৬.২৯ কোটি উপাৰ্জন কৰিছিল। এইবছৰ ৰ তৃতীয়খন মাৰ্ভেল ষ্টুডিঅ’ ছবি। ভাৰতত প্ৰথম দিনটোত ‘শ্বাং-চি’ আৰু ‘ইটাৰ্ণেলছে’ ক্ৰমান্বয়ে ৩.২৫ কোটি আৰু ৮.৭৫ কোটি উপাৰ্জন কৰিছিল।