স্কুল খুলিল-ময়ূৰাক্ষী গগৈ

pc news by careers360

স্কুল খুলিল

স্কুল খুলিল, স্কুল খুলিল
ছাত্ৰ-ছাত্ৰীৰ কি উচ্ছাহ!
উৎফুল্লিত মুখবোৰ দেখি
সঁচাই ভাল লাগিছে।
কোনোৱে খেলিছে, কোনোৱে জপিয়াইছে
কোনোৱে হাতত ধৰা-ধৰিকৈ দৌৰিছে
মুক্ত বিহঙ্গৰ দৰে।
বহু দিনৰ মূৰত
শিক্ষাৰ্থীৰ মন্দিৰ স্বৰূপ
বিদ্যালয়লৈ আহিবলৈ পাইছে।
পঢ়া লিখা, গৃহ কৰ্মৰ
পৰ্ব আৰম্ভ,
কি যে আনন্দ!
পিঠিত বেগ হাতত ফ্লাক্স
কি এক নয়ন ভৰা দৃশ্য
বাটৰুৱাইও ৰ লাগি চাইছে।

ময়ূৰাক্ষী গগৈ