সোনাপুৰত অবৈধ সুৰা জব্দ

pc-sangbad 365

সোনাপুৰত অবৈধ সুৰা জব্দ

ৰঙিলী বাৰ্ত্তাসেৱা –  সুৰা মাফিয়া তুষাৰ ছিংলা আৰু প্ৰাগৰাজ ছিংলাই গুৱাহাটীত অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলাই আহিছে। আবকাৰী নীতি-নিৰ্দেশনা উলংঘাৰে নথি-পত্ৰ নোহোৱাকৈ ক্ষেত্ৰীৰ শিৱা বিভাৰেজত বছৰৰ পাছত বছৰ ধৰি অবৈধ সুৰা প্ৰস্তুত কৰি অহাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে। যোৱা বৃহস্পতিবাৰে নিশা প্ৰায় ৮ বজাত নাজিৰাখাত টোলগেটৰ সমীপত কামৰূপ সদৰ আবকাৰী বিভাগে অভিযান চলাই এ এছ-০১ এইচ চি ৩১২৫ নম্বৰৰ এখন অবৈধ সুৰাভৰ্তি ট্ৰাক জব্দ কৰে। অবৈধ সুৰাভৰ্তি ট্ৰাকখনৰ পৰা ৮০০ কার্টন অফিচাৰ্ছ চইজ ব্ৰেণ্ডৰ সুৰা জব্দ কৰে। জব্দকৃত কাৰ্টনখিনিত আছিল।সৰ্বমুঠ ৯,৬০০ বটল সুৰা। এই সুৰাখিনিৰ বজাৰ মূল্য প্রায় ২৫ লাখ টকা হ’ব বুলি আবকাৰী বিভাগৰ বিষয়াই জানিবলৈ দিছে। অভিযানকাৰী দলটোৱে ট্ৰাকখনৰ চালক সঞ্জুত বৰাক গ্ৰেপ্তাৰ কৰি সোধা-পোছা কৰাত ক্ষেত্ৰীৰ শিৱা বিভাৰেজত এই অবৈধ সুৰাখিনি প্ৰস্তুত কৰাৰ তথ্য পোহৰলৈ আহে। আজি আবকাৰী বিভাগৰ এটা দলে সুৰা মাফিয়া তুষাৰ ছিংলা আৰু প্ৰাগৰাজ ছিংলাৰ মালিকানাধীন শিৱা বিভাৰেজত অভিযান চলায়। এই অভিযানত শিৱা । বিভাৰেজত গোপন চেম্বাৰ প্ৰস্তুত কৰি অবৈধভাৱে অফিচাৰ্ছ চইছ ব্ৰেণ্ডৰ সুৰা প্ৰস্তুত কৰি অহাৰ তথ্য পোহৰলৈ আহে। অভিযানকাৰী দলটোৱে শিৱা বিভাৰেজৰ অবৈধ, গোপন চেম্বাৰ ভাঙি পেলোৱাৰ লগতে সুৰা প্ৰস্তুত কৰা সামগ্ৰীখিনি জব্দ কৰে। ইফালে, অবৈধ সুৰাভর্তি ট্রাকখন জব্দ কৰাৰ পাছতে তুষাৰ আৰু প্ৰাগ ছিংলাই আবকাৰী বিভাগৰ বিষয়াৰ সৈতে বুজাপৰা কৰাৰ চেষ্টা চলাইছিল। কিন্তু আবকাৰী বিভাগৰ বিষয়াৰ সৈতে কোনো বুজাপৰা নোহোৱাত দুই সুৰা মাফিয়াই নিশাই আত্মগোপন কৰে। উল্লেখ্য যে পূর্বতেও সুৰা মাফিয়া তুষাৰ আৰু প্ৰাগে কৰ ফাঁকিৰে অবৈধ সুৰা প্ৰস্তুত কৰি আহিছিল। আবকাৰী বিভাগৰ বিষয়াৰ সৈতে সুৰা মাফিয়া তুষাৰৰ গোপন বুজাবুজিৰ বাবেই এনেদৰে অবৈধ সুৰাৰ কাৰখানা চলাই কোটি কোটি টকা লুণ্ঠন কৰি অহা বুলি সর্বত্র চর্চা চলিছে।