সোণাৰীত সতীৰ্থৰ গুলীত নিহত আৰক্ষী জোৱান

সোণাৰীত সতীৰ্থৰ গুলীত নিহত আৰক্ষী জোৱান

ৰঙিলী বাৰ্ত্তাসেৱা– সোণাৰি সদৰ আৰক্ষী থানাত ভয়ংকৰ ঘটনা। হঠাৎ গুলীৰ শব্দত কঁপি উঠিল সোণাৰি থানা। আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে এজন সতীৰ্থক। গুলীচালনাত নিহত হয় গকুল বসুমতাৰী নামৰ আৰক্ষীজন। দীপক কাকতি নামৰ জোৱানজনৰ গুলীত নিহত হয় গকুল বসুমতাৰী। ডিঙিত তিনিটা গুলী লাগে গকুল বসুমতাৰীৰ। লগে লগে ঢলি পৰে জোৱানজন। এই ঘটনা চাঞ্চল্যৰ সৃষ্টি কৰিছে সোণাৰিত।