সোণাৰীত ড্ৰাগছ সৰ্বৰাহৰ লগত জিড়ত তিনিজন ব্যক্তিক আটক

pc Zee News

অনলাইন বাৰ্ত্তাসেৱা – সোণাৰিত অব্যাহত থকা ড্ৰাগছ বিৰোধী অভিযানৰ মাজত বুজন পৰিমাণৰ ড্ৰাগছসহ তিনিজনকৈ যুৱকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। এই যুৱক তিনিজন হৈছে চৰাইদেউ জিলাৰ সৰুপথাৰৰ আদিত্য গগৈ, সাপেখাতি ৰহনৰ কৃষ্ণমণি বৰগোহাঁই আৰু সোণাৰি নগৰৰ চাজাদ হুছেইন। বুধবাৰে সন্ধিয়া চৰাইদেউ আৰক্ষীয়ে গোপন সূত্ৰ অনুসৰি চলোৱা এক অভিযানত নাগালেণ্ড সীমান্তত নিষিদ্ধ ড্ৰাগছ ক্ৰয় কৰি উভতি অহাৰ সময়তে ধৰা পৰে যুৱক কেইজন। যুৱক কেইজনৰ পৰা যথেষ্ট পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰা লগতে এখন বাইকো জব্দ কৰিছে আৰক্ষীয়ে।