“সেন্দুৰ “- হিমাদ্রী বৰকটকী

p.c.jagran.com

“সেন্দুৰ “

“সেন্দুৰ “যি নামেই মোৰ পৰিচয়
মোৰ কপালত আঁকি দিলা তুমি
বেলি হেন টিকটিকিয়া ফোঁট
ৰঙাকৈ সদাই জিলিকি থাকে
তোমাৰ আবৰ্ত্তমানৰ চিন‌…..
কিন্তু ! কিন্তু কি হ’ল এইয়া
তুমি কিয় আতৰি গ’লা
ইমান সোনকালে…
ভাবিছানে তুমি , তুমি বিহীন‌জীৱন
জীয়াই থকাটো বৰ কষ্টকৰ
তোমাৰ অবিহনে মোৰ
সেন্দুৰ কনৰো মূল্য নাই
যি সন্দুৰ কনেই আছিল
মোৰ পৰিচয়….
ভগৱানে কিয় কৰে এনেকুৱা…
ভগৱানৰ বিচাৰ কি ?
এয়াই নেকি বিচাৰ ….
হাঁহি মাটি থকা জীৱনটো
মুহূৰ্ত্ততে থান‌বান হৈ যাই
এক অন্ধকাৰময় পৰিবেশ
চকুৰে নমনা…
উস ! এয়াই কি জীৱন….
সেন্দুৰ বিহীন…..

হিমাদ্রী বৰকটকী
শিৱনগৰ , ২ নং উপপথ
নগাঁও