সেও মানিবলৈ বাধ্য হৈছে মেঘালয়

সেও মানিবলৈ বাধ্য হৈছে মেঘালয়

ৰঙিলী বাৰ্ত্তাসেৱা-  অৱশেষত সেও মানিলে মেঘালয়ে।এছকৰ্ট দি মেঘালয়ে অসমৰ পৰা নিছে পেট্ৰ’ল-ডিজেলৰ টেংকাৰ।অসম পেট্ৰ’লিয়াম মজদুৰ সন্থাই নিৰাপত্তা নিদিলে তেল নিদিও বুলি দিছিল সকীয়নি।অসমৰ পেট্ৰ’লিয়াম শ্ৰমিকৰ শীৰ্ষ সংস্থা অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নে অসমৰ পৰা যোৱা বাহনসমূহত আক্ৰমণ সংঘটিত হোৱাৰ পিছত তেওঁলোকে মেঘালয়লৈ ইন্ধন পৰিবহন বন্ধ কৰিছিল।অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নে মেঘালয়ত অসমৰ ট্ৰাক চালকসকলক দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাৰ পিছত মেঘালয়লৈ পেট্ৰ’লিয়াম সামগ্ৰীৰ পৰিবহন বন্ধ কৰাৰ বাবে ভাবুকি দিছিল।এই সিদ্ধান্তৰ পিছতেই মেঘালয় চৰকাৰে অসমৰ পেট্ৰ’লিয়াম পৰিবহনকাৰীসকলক সুৰক্ষাৰ আশ্বাস দিছিল।মেঘালয়ৰ সকলো জিলাৰ উপায়ুক্ত আৰু এছপিসকলক পেট্ৰ’লিয়াম পৰিবহনকাৰী বাহনৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছে।