সৃষ্টি – জয়ন্ত শৰ্মা, যোৰহাট

pc-shabdha blog

সৃষ্টি
০০০
সন্তৰ্পনে ধৰণী ধুনীয়া হ’ল
চাৰি মুঠিৰ আত্মপ্ৰকাশ,
আত্মজ গতিময়তা ।
অগোচৰে বটবৃক্ষই আকাৰ
লয় বৃহৎৰ
অস্ফুত শব্দ – নৈশব্দৰ
মায়াজাল ।

শব্দই ও সৃষ্টিয়েই কৰে ।
বীৰ বীৰেশ্বৰে নিনাদিলে কুৰুক্ষেত্ৰত ; প্ৰতিষ্ঠিত কৰি সত্য, সৃষ্টিলে নতুন আংগিকৰ।

সময় নিৰবধি,
গৈ থাকে – বৈ থাকে

মৌন সময়ৰ সোঁতেও কৰে সৃষ্টি
থৈ যায় অলেখ শব্দ- গোপনে
উচ্ছাস কিম্বা হুমুনিয়াহৰ ।
০০০০০০০০০

জয়ন্ত শৰ্মা, যোৰহাট।