সুৰজিৎ একাডেমীত ’ৰামানুজ ভাৰত অমৃত গণিত যাত্ৰা’

Pc School and college listing

সুৰজিৎ একাডেমীত ‘ৰামানুজ ভাৰত অমৃত গণিত যাত্ৰা’

ৰঙিলী বাৰ্ত্তাসেৱা-  ২২ ডিচেম্বৰ দিনটো ২০১২ চনৰ পৰা ভাৰতত প্ৰতি বছৰে ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে পালন কৰি অহা হৈছে। এই দিনটোত বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠান সমূহত গণিত সম্পৰ্কীয় বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ৰাষ্ট্ৰীয় গণিত দিৱসৰ লগত সংগতি ৰাখি ২ অক্টোবৰত মহাত্মা গান্ধীৰ জন্মদিনৰ পৰা আহমেদাবাদৰ সোমনাথ মন্দিৰৰ পৰা ত্ৰিপুৰাৰ সুন্দৰী মন্দিৰলৈ প্ৰায় ২৫ খন ৰাজ্যত ‘ৰামানুজ ভাৰত অমৃত গণিত যাত্ৰা ২০২১’ কাৰ্যক্ৰম নেচনেল কাউন্সিল অফ টিচাৰ চায়েণ্টিষ্ট, ভিপনেট (বিজ্ঞান পৰাশৰ নেটৱৰ্ক অফ চায়েন্স, ভাৰত চৰকাৰ), ৰামানুজ গণিত ক্লাব, সুৰজিৎ একাডেমী, অসম বিজ্ঞান, প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদ, ৰাষ্ট্ৰীয় শিশু গণিত একাডেমী, ভাৰত ৰমন বিজ্ঞান আৰু প্ৰযুক্তি ফাউণ্ডেচন, এ পি জে আব্দুল কালাম ৰাষ্ট্ৰীয় পৰিষদৰ যুৱ বিজ্ঞানী অনুষ্ঠানে আয়োজন কৰিছে। ইতিমধ্যে ২৩ খন ৰাজ্যত ভাৰতৰ স্বনামধন্য গণিতজ্ঞ- বিজ্ঞানী সকলে শিক্ষানুষ্ঠান সমূহত শিক্ষা প্ৰদান কৰি আহিছে। শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যাল়য়ৰ অধ্যাপক তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ পৰা ফেল’ স্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ সহযোগত সুৰজিৎ একাডেমীৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত গণিত বিষয়টো মনোগ্ৰাহী আৰু আকৰ্ষণীয় কৰাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰে ভাৰতৰ স্বনামধন্য তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন গণিতজ্ঞ ড° চন্দ্ৰমোলী যোশী, গণিত গুৰু ড° বি এন ৰাও, ব্ৰজেশ দীক্ষিত, মেহুল কুমাৰ হাৰসৰাই আৰু লগতে প্ৰশিক্ষণত উপস্থিত থাকে এণ চি ই আৰ টি, চি চি আৰ টি আৰু এছ চি আৰ টি ৰ সমল ব্যক্তি তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱী, সুৰজিৎ একাডেমীৰ উপ সভানেত্ৰী তথা সমাজসেৱী লাবণ্য দেৱী। তেওঁলোকক সীমান্ত শৰ্মাই সম্বৰ্দ্ধনা জনাই । গণিতজ্ঞ সকলে সুৰজিৎ একাডেমীত প্ৰায় ৩ ঘণ্টা ধৰি গণিত বিষয়ৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে। ছাত্ৰ ছাত্ৰী সকলেও গণিতজ্ঞ সকলৰ লগত গণিতৰ ওপৰত বিভিন্ন প্ৰশ্ন উত্থাপনেৰে আদান প্ৰদান কৰি নিজৰ জ্ঞান আহৰণ সহায়ক হয় আৰু নিজৰ জীৱন গঢ়াৰ পৰামৰ্শ পায়।