সুখী হোৱাৰ উপায়- ড॰ ত্ৰিবেনী শৰ্মা বৰুৱা

জীৱন সুখ-দুখৰ সমষ্টি৷ এই বিষয়ে সকলো মানুহেই জ্ঞাত৷ কিন্তু সেইবুলি আমাৰ সমস্যা বা দুখবোৰক লৈ ধিয়াই থাকিলে নহ’ব৷ কিয়নো জীৱন বৰ অনুপম৷ জীৱনক ভাল পাব জানিলে জীৱনটো ধুনীয়া হৈ পৰে আৰু সুখি হ’ব পাৰি৷ সুখি হোৱাৰ উপাইবোৰ নিজেই বিচাৰি ল’ব জানিব লাগিব৷ সুখি হোৱাৰ কেইটামান কৌশল তলত উল্লেখ কৰা হ’লঃ
1] প্ৰাৰ্থনা মানৱ জীৱনৰ এক মহৌষধ৷ পুৱা-গধূলি প্ৰাৰ্থনাৰ জৰিয়তে আমাৰ মনটোক নিয়ন্ত্ৰণ কৰিব পাৰি, মনোযোগ বৃদ্ধি কৰিব পাৰি৷
২] মনটোক অনবৰতে ইতিবাচক চিন্তাৰে সমৃদ্ধ কৰি ৰাখিব লাগে৷ নেতিবাচক চিন্তাই আমাৰ শৰীৰ আৰু মনটোক বেমাৰী কৰি তোলে৷
৩] খাদ্য খোৱাৰ ক্ষেত্ৰত আমি সচেতন হ’ব লাগে৷ যিকোনো মছলা জাতীয় খাদ্য, অধিক তেল আদিয়ে শৰীৰত নানা বেমাৰৰ সৃষ্টি কৰিব পাৰে৷ শৰীৰ বেয়া হ’লে মন বেয়া হয় আৰু মানুহ অসুখী হয়৷
৪] ধ্যান সুখী হোৱাৰ অন্যতম কৌশল৷ ধ্যান আৰু ব্যামে দেহ-মন সতেজ কৰি ৰাখে৷ পানী আৰু ফল-মূল অধিক পৰিমাণে খাব লাগে৷
৫] সৰু সৰু কথাত সুখী হোৱাৰ প্ৰয়াস কৰিব লাগে৷ সংগীত আৰু নৃত্য চৰ্চাই আমাক বহু পৰিমাণে সুখী কৰিব পাৰে৷
৬] সততা সুখী হোৱাৰ অন্যতম সঙ্গী৷ মন ভাল মানে সকলো ভাল৷ আনৰ বিষয়ে সমালোচনা নকৰি বা বেয়াকৈ নাভাবি নিজক সুখী কৰি ৰাখিব পাৰি৷
৭] সুন্দৰ পোছাক পৰিধান কৰি, নিজক সজাই পৰাই থাকিও সুখী হ’ব পাৰি৷
৮] আনৰ লগত তুলনা কৰি অসুখী হোৱাতকৈ ভগৱানে দিয়াখিনিক লৈ সন্তুষ্ট হ’বলৈ শিকিলে সুখী আৰু সহজ জীৱন কটাব পাৰি৷
৯] প্ৰকৃতিৰ লগত আৰু শিশুৰ সৈতে সময় কটাই মানুহ সুখী হ’ব পাৰি৷

শেষত এটাই ক’ব বিচাৰোঁ, মানুহ ব্যস্ত থাকিলে আৰু সমস্যাবোৰ ওফৰাই আগবাঢ়ি জীৱনটোক ভাল পাবলৈ শিকিলে সুখী নোহোৱাৰ প্ৰশ্নই নাহে৷

মাৰ গৰ্ভত দহমাহ দহদিন যেতিয়া আছিলোঁ, সুখি আছিলো৷ পৃথিৱীলৈ আহিলোঁ, ডাঙৰ হ’লো৷ তেতিয়াহে বুজিলো মোক জীয়াই থকিবলৈ এখন সমাজ লাগিব৷ লাহে লাহে বুজি পালো সেইখন সমাজত মোক শুভ কামত ব্যৱহাৰ নহয়৷ মোৰ সংগী সোঁ হাতখন কিন্তু শুভ কামৰ বাবে উপযোগী৷ মোৰ পৰিচয় বাওঁহাত, যাৰ বাবে কেৱল মই শোষিত, অৱহেলিত৷ বাওঁহাতেৰে কাকো একো নিদিবা বুলি মোক সৰুতেই শিকোৱা হৈছিল৷ প্ৰশ্ন হয় মই মাৰ গৰ্ভত থাকোঁতে এনে কি ভুল কৰিলো যাৰ বাবে মোক সোঁহাততকৈ কম গুৰুত্ব দিয়ে/ মা মোৰ দোষ ক’ত? ময়ো আদৰ বিচাৰো, মৰম বিচাৰো৷ মই বহুত আবেগিক, এবাৰ মোক বুজিবলৈ চেষ্টা কৰা, মা৷ মই সোঁহাতৰ দৰেই হ’ব বিচাৰো৷
[দুয়োখন হাত আপোন বাবেই মই মোক ভালপোৱাৰ অনুভৱত অহংকাৰী]