সাহস — দিগন্ত নেওগ । আমগুৰি ,লখিমপুৰ

সাহস :
———
সৰু কালৰ কথা । বেয়া কিবা এটা কৰিবলৈ ভয় লাগে । দেউতাৰ এচাৰিৰ কোব । ৰাতি অকলে বাহিৰলৈ যাব নোৱাৰোঁ , ভূতে পাব ,‌ প্ৰথম চাইকেল খন শিকোঁত ভয় , পৰি গ’লে হাত ভৰি ভাঙিব ইত্যাদি ইত্যাদি … বহু উদাহৰণ আছে । কেৱল মোৰ ক্ষেত্ৰতে নহয় , আন বহুতৰ ক্ষেত্ৰত এনে হোৱাটো স্বাভাৱিক । কাৰণ শাৰিৰীক আৰু মানসিক ক্ষমতা পৰিপক্ক নাথাকে । ভয় বুজি পোৱা যায় কিন্তু সাহস কি বুজি পোৱাৰ হাবিয়াস নাথাকে বা ইচ্ছা কৰা নাযায় । বয়স বাঢ়ি অহাৰ লগে লগে এই যে সাহস বোলা শব্দটো , ইয়াৰ লগত পৰিচয় হোৱাৰ মানসেৰে জীৱনৰ ভিন্ন ক্ষেত্ৰত অনুশীলন আৰাম্ভ হ’ল । কোনোবা ক্ষেত্ৰত সাহসী আৰু কোনো সময়ত ভয়াতুৰ ।
ইতিহাসৰ বহু সাহসী ব্যক্তিৰ ভিতৰত মই হিটলাৰ আৰু নেপোলিয়নৰ মাজত এটা পাৰ্থক্য দেখা পাওঁ , ই হ’ল হিটলাৰ আছিল মূৰ্খ বীৰ আৰু নেপোলিয়ন হ’ল জ্ঞানী বীৰ । সাহসৰ নমুনাই যদি মানুহক সাহসী কৰাৰ প্ৰেৰণা যোগাই , তেন্তে মোৰ বাবে এই দুজন ব্যক্তিৰ পৰাও বহু কথা শিকিব লগা থাকে ।
Napoleon Bonaparte , ” It requires more courage to suffer than to die ” . মৃত্যুতকৈও যন্ত্ৰনাৰ লগত সহবাস কৰাৰ বেছি সাহস লাগে ।
দৈনন্দিন জীৱনৰ প্ৰতি সময়তে সাহসৰ প্ৰয়োজন । এজন ব্যক্তিৰ ভিতৰত কিহে উদগনি যোগান ধৰে , যাৰ বাবে নকৰিব লগীয়াটো কৰিবলৈ , সহজাত প্ৰবৃত্তিৰ তাৰণাৰে কল্পনাৰ জগত খনৰ মণি মুকুটা টানি চিঙি আঁজুৰি বোকোচাত ভৰাবলৈ উদ্মাদ হয় ? শৰীৰত ক’ত অপ্ৰকাশিত ৰূপত লুকাই থাকে এই সাহস বোলা শব্দটো ? হৃদয় নে মগজু ? যদি সাহসৰ বাবে মনটোক point out কৰে , তেন্তে ইয়াৰ উৎস মগজু । কাৰণ আমাৰ মনৰ উৎস হৃদয় নহয় , মগজুহে । বহুতে আকৌ ক’ব বিচাৰে কলিজা ডাঠ জনৰ হে অদম্য সাহস থাকে । মোৰ দৃষ্টিত কলিজাৰ লগত পাৰস্পৰিক সম্পৰ্ক ধৰা পৰা নাই ।
সাহসৰ পৰিসৰ বিশাল । ইয়াক ভিন্ন নামাকৰণ কৰিব পৰা যায় । যেনে : নিৰ্ভয়তা , নিৰ্ভিকতা , স্পৰ্ধা , ভয় শূণ্যতা , নি: শঙ্কা , অশঙ্কিত , নিৰ্ভয় , অভয় , ভীতিশূণ্য , শংকাহীনতা ইত্যাদি ।
আমি যদি কিবা ক্ষেত্ৰত জয়ী হ’ব বিচাৰোঁ , প্ৰথমেই প্ৰস্তুত কৰিব লাগিব আমাৰ সাহসৰ উৎস মনটো । মনেৰে হাৰিলে ৯০% বাস্তৱত পোৱা নাযায় । নিজৰ সীমাৱদ্ধতা আৰু দুৰ্বলতা খিনি আঁতৰাই ল’বই লাগিব ।
Bruce Lee , ” Mistakes are always forgivable , it one the courage to admit them “. ভুল স্বীকাৰ কৰিবলৈও সাহস লাগে ।
সাহস কিম্বা ভয় , আমাৰ মনৰ বিচাৰত হয় । একমাত্ৰ অক্ষমতাক বাদ কৰি । হেৰুৱাবলৈ যদি একো নাথাকেই তেন্তে নিশ্চয় সাহস আহিব । সাহসী জনৰ ভয় নোহোৱা নহয় , ভয়ক ইতিমধ্যে তেওঁ জয় কৰিছে ।
Nelson Mandela , ” Courage is not the absence of fear , but triumph over it . The The brave man is he conquers that fear “.
সাহসক কেনেকৈ সংজ্ঞাকৃত কৰিব পাৰি ?
It is mental strength to venture , withstand danger , fear or difficulty .

Stress the firm determination to achieve one’s end .

The ability to do something that you know is difficult or danger .

এটা কাহিনী মনত পৰিছে । এবাৰ আলেকজেণ্ডাৰে এজন উলংগ দাৰ্শনিকৰ কথা এই বুলি শুনিবলৈ পালে যে তেওঁৰ ওচৰলৈ বিভিন্ন প্ৰান্তৰ পৰা ভিন্ন প্ৰকৃতিৰ বহুজন গৈছে । আলেকজেণ্ডাৰও মন গ’ল সেই ব্যক্তি জনক এবাৰ স্ব চক্ষুৰে চাব । কথা মতেই কাম । বাবাৰ ওচৰত পালেগৈ । আলেকজেণ্ডাৰ , এলাপেচা মানুহ নহয় । ক’লে , ” কওক মই আপোনাৰ কি সহায় কৰিব পাৰোঁ ? ” বাবাই ক’লে , ” চাওঁ তুমি অকনমান আঁতৰি দিলেই মোৰ গাত পৰা তোমাৰ ছাঁটো আঁতৰিব । মই ৰ’দ লৈ আছোঁ । তুমি মোৰ কাৰণে ইমান কৰিলে যথেষ্ট হ’ব । ” আলেকজেণ্ডাৰ আচৰিত । যি জন আলেকজেণ্ডাৰ ওচৰত মানুহে কথা ক’বলৈ সাহস নকৰে ,নাম শুনিলে ভয় কৰে এই মানুহ জনৰ কি এক শক্তি আছে যি আলেকজেণ্ডাৰক আঁতৰাবলৈও সাহস কৰিলে !
সাহস কেৱল শাৰিৰীক শক্তিৰ পৰাই নাহে । এনে এখন মানসিক জগতৰ অধিকাৰী হ’ব লাগিব , যি এক আকৰ্ষণীয় ব্যক্তিত্ব ফুটাই উঠাব পাৰে । নৈতিক ভাবে সবল হৈ মানুহে তেনে ব্যক্তিত্বৰ অধিকাৰী হ’ব পাৰে । সেই দাৰ্শনিক জনকো নিশ্চয় সেই গুণেৰে বিভূষিত কৰাব পাৰি । ধন জন , ঐশ্বৰ্য , ক্ষমতাইও মানুহক শক্তিশালী কৰাব পাৰে । কিন্তু ইয়াৰ স্থায়িত্ব নাই । বাঢ়ণী পানীত উতি আহি পাৰত ক্ষণিকৰ বাবে জিৰোৱা কিছুমান উপঙা ফেনৰ টোপাল ।
সাহসেই শক্তি , শক্তিয়েই সাহস । Courage is strength , strength is courage . মানুহৰ মানসিক জগত খনত ঋণাত্মক প্ৰভাৱ পেলোৱা প্ৰচণ্ড আবেগ , দুখ ,হতাশা , উদ্বিগ্নতা , ভয় , এই সকলোবোৰৰ অন্তৰালত সাহসৰ অভাৱ । প্ৰথম বিশ্বযুদ্ধ , দ্বিতীয় বিশ্বযুদ্ধতকৈও ভয়ঙ্কৰ হ’ল ভয়ৰ যুদ্ধ । অকণমান সাহসৰ অভাৱত কিমান যে জীৱন থানবান হৈ যায় । একমাত্ৰ মূৰ্খইহে ভয় নকৰাকৈ চলে । গতিকে সাহস যুক্তিৰ আধাৰত আধাৰিত । হিটলাৰ আৰু নেপোলিয়নলৈ চাওক । এজন মূৰ্খ বীৰ আনজন জ্ঞানী বীৰ । বীৰ যিহেতু , দুয়োজনেই সাহসী । সাহসৰ অভাৱত জীৱনৰ পৰা সুখ , শান্তি আৰু আনন্দই মেলানি মাগে । সাহসী হ’বলৈ শক্তিশালী হ’বই লাগিব । । শাৰিৰীক , , মানসিক আৰু নৈতিক ভাবে । নিজক অটুট ৰখাৰ ক্ষমতা । সাহস মানে ভয়ৰ অনুপস্থিতি নহয় , গৰ্ব নহয় , ই হ’ল yes ,yes I can do it .
মানুহৰ ভয় হ’ল এক জন্মগত প্ৰবৃত্তি । সাহস কিন্তু জন্মৰ লগে লগেই এঠা বান্ধি নাহে । বহু কষ্ট কৰি অৰ্জন কৰা যায় । ইয়াৰ বাবে লাগিব
১) দায়িত্ব গ্ৰহণৰ মানসিকতা
২) নিজৰ ওপৰত আস্থা
৩) ধৈৰ্য গুণৰ অধিকাৰী
৪) আবেগ প্ৰকাশৰ ক্ষমতা
৫) ভুল হোৱাক লৈ ভয় কৰাৰ মানসিকতা ।
ইত্যাদি …
ফৰাচী লেখক আঁদ্ৰে মালোৰৰ দুখন বিখ্যাত কিতাপ হ’ল Man’s Hope আৰু Man’s Fate । ইয়াৰ ওপৰিও তেওঁৰ আত্মজীৱনী Anti Memoirs ত লিখিছে —- ” This metamorphosis of a fate undergone into a fate transcended is one of the most profound that man can create ” । মানুহে সেই শক্তি লৈ উপজিছে — যি শক্তিৰ দ্বাৰা তেওঁ চৰম দূৰ্ভাগ্যকো এটা অৰ্থপূৰ্ণ অভিজ্ঞতালৈ ৰূপান্তৰিত কৰিব পাৰে । সেইটো কেনেকৈ সম্ভৱ ? সেই দূৰ্ভাগ্যৰ ওপৰত সাহসেৰে আৰোহণ কৰি ।
মানুহৰ জীৱনৰ দুখ যন্ত্ৰণাৰ জয় কৰিবলৈ যি সাহসৰ দৰকাৰ সেইয়া পাব পাৰি ষ্টইক দৰ্শনৰ ( Stoicism ) পৰা । ইয়াৰ মূল শিক্ষাটো পাবলৈ হ’লে শিক্ষাবিদ বাৰ্ট্ৰাণ্ড ৰাছেলৰ এষাৰ কথা ক’বই লাগিব । তেওঁ কৈছে —- ” Courage in the face danger and suffering , indifference to material circumstances , these are virtues that the Stoics valued . It is this emphasis on endurance and detachment that has given the word Stoics it’s modern meaning .” .” .”
এনে দৰ্শনৰ শিক্ষাৰে দীক্ষিত কৰাবলৈ প্ৰাচীন ৰোমান সকলে ল’ৰা-ছোৱালী বোৰক বৰ কঠোৰ শিক্ষা দিছিল । সিহঁতৰ প্ৰয়োজন সাপেক্ষে ভৰি এখন মোহাৰি চিঙি দিলেও মুখত যন্ত্ৰনাৰ চিন ফুটি উঠিব নিদিয়ে ।
উদ্দেশ্যেৰ লগত সাহস জড়িত থাকে । সৎ উদ্দেশ্যত সাহসেই আদি মূল । অসৎ উদ্দেশ্যেৰ মানুহ স্বাভাবিকতে ভয়াতুৰ । অৱশ্যে কিছু সংখ্যকে বেয়া কাম এটা কৰিবলৈ যি সাহস কৰে প্ৰকৃততে ইয়াক সাহস বোলাৰ পৰিৱৰ্তে মূৰ্খামি বুলিব পাৰি । পৰিনামৰ কথা চিন্তা নকৰি কৰা কামৰ পৰিনাম বেয়া হোৱাটোৱেই স্বাভাৱিক । ভক্তি আৰু বিশ্বাসৰ লগত সাহস অঙ্গাগী । ভক্তিৰ জোৰত বলৱান হৈ হনুমানে প্ৰভু ৰামচন্দ্ৰৰ বাবে অনেক দু:সাহস কৰি হ’লেও ভক্তি প্ৰতিষ্ঠা কৰিছিল । প্ৰহ্লাদেও তেওঁৰ ওপৰত আৰোপিত নানা অসহনীয় শাস্তি হেলাৰঙে সহ্য কৰিব পাৰিছিল একমাত্ৰ ঈশ্বৰৰ প্ৰতি থকা বিশ্বাস আৰু ভক্তিৰ বাবে ।
জীৱনৰ অৰ্থ থাকক বা নাথাকক সাহসৰ প্ৰয়োজন ক’ত নহয় ? কৰ্মত সাহস , স্বীকৃতি প্ৰাপ্ত জন্ম দিবৰ বাবে সাহস , দায়িত্ব গ্ৰহণৰ বাবে সাহস , বেমাৰ জয় কৰিবলৈ সাহস , লক্ষ্যত উপনীত হ’বলৈ সাহস , সিদ্ধান্ত ল’বলৈ সাহস , সমস্যাৰ সমাধান বিচাৰি সাহস , প্ৰতিকুল পৰিস্থিতিত স্বাভাৱিক হৈ থাকিবলৈ সাহস , কেঁকোৰা খোলাদি খুলি খুলি নিশেষ কৰা যন্ত্ৰনাক জয় কৰিবলৈ সাহস , আনকি চিৰন্তন সত্য মৃত্যুৰ বাবে প্ৰস্তুত হৈ থাকিবলৈও সাহসৰ দৰকাৰ ।

এতিয়া আহক সাহস অৰ্জনৰ সৰ্ব্বোশ্ৰেষ্ঠ উপায় কি ?
আটাইতকৈ কাৰ্যকৰী উপায় হ’ল Mental modeling তত্ব । ইয়াৰ বাবে নিজৰ কল্পনা শক্তিক কামত লগাই ভয় দূৰ কৰা । কল্পনাই বাস্তৱক প্ৰভাৱিত কৰিব নোৱাৰে । আগেয়ে কৰা কল্পনা বাস্তৱত বিচলিত নহয় । ধৰক , আপোনাক বহু Covid patients ৰ মাজত ৰখা হৈছে । আপুনি কি কৰিব ? ধৰি ল’লোঁ আপোনাৰো ক’ভিড লাগিল । এতিয়া কৰণীয় কি ? আপুনি বেমাৰ লাগিল বুলিয়েই মৰি যাব নোৱাৰে । যুদ্ধ দিব লাগিব । যদি জীৱনৰ প্ৰতিটো কামত সাহসৰ প্ৰয়োজন , এই ক্ষেত্ৰতটো আৰু বেছি সাহসৰ আৱশ্যক । নিজকে বুজাব লাগিব সকলো Covid patients ৰটো মৃত্যু হোৱা নাই । তাৰে মাজৰ এজন আপুনি । যদি চিৰন্তন সত্য মৃত্যু দুৱাৰ দলিত , তেন্তে তাৰ বাবে নিজেই প্ৰস্তুত হ’ব লাগিব । যাতে জীৱনৰ শেষ পৰিণতি ৰুচিসন্মত ভাবে হয় । ভয় নাখাব , আপুনি mental modeling ৰ বাবে কল্পনাৰ জগত খনতহে বিচৰণ কৰি আছে । অনেক উদাহৰণ দিব পাৰি । নিজৰ নিজৰ ভয়ৰ ক্ষেত্ৰ খনত এনেদৰেই কল্পনা কৰি সমাধান উলিয়াওক ।
এনেদৰে কল্পনাৰ জগত খনত সমাধান বিচাৰি কৰা অনুশীলনে আপোনাক নিশ্চয়কৈ সাহসী কৰাব । এইয়া মোৰ কথা নহয় । সম্পূৰ্ণ বিজ্ঞান সন্মত mental modeling ৰ শিক্ষা ।
জীৱন যুদ্ধত কাপুৰুষৰ দৰে জীয়াই থকাতকৈ সাহসেৰে আমি সকলোৱে মিলি জীৱন জয় কৰাৰ চেষ্টা কৰোঁ আহক । মনত ৰাখিব কোনো সৎ চেষ্টা কেতিয়াও ব্যৰ্থ নহয় ।

দিগন্ত নেওগ । আমগুৰি ,লখিমপুৰ ।