সাম্প্ৰদায়িক শ্ল’গান দি গ্ৰেপ্তাৰ বিজেপি নেতাসহ ছজন

pc-TV9Bangla

সাম্প্ৰদায়িক শ্ল’গান দি গ্ৰেপ্তাৰ বিজেপি নেতাসহ ছজন

অনলাইন বাৰ্ত্তাসেৱা– দিল্লীৰ যন্তৰ-মন্তৰৰ ওচৰত মুছলিম বিৰোধী সাম্প্ৰদায়িক শ্ল’গান দিয়াৰ অভিযোগত বিজেপি নেতা অশ্বিনী উপাধ্যায়সহ বিনোদ শৰ্মা, দীপক সিং, দীপক, বিনীত ক্ৰান্তি আৰু প্ৰীত সিংক গ্ৰেপ্তাৰ কৰে।আৰক্ষীয়ে বিজেপি নেতা উপাধ্যায়ক কনৌত ক্লেছ আৰক্ষী কেন্দ্ৰত জেৰাৰ বাবে হাজিৰ হ’লৈ নিৰ্দেশ দিয়াৰ পাছতে আটক কৰে। অধিবক্তা তথা বিজেপি নেতা অশ্বিনী উপাধ্যায়ৰ নেতৃত্বত দেওবাৰে ভাৰত জোৰো আন্দেলনৰ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত হৈছিল। প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত সাম্প্ৰদায়িক শ্ল’গান দিয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰ দোৱাৰ পাছতে তেওঁলোক গ্ৰেপ্তাৰ কৰে।

 

(R.T)