সাধাৰণ নাগৰিকক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰা ২জন এল ই টি সন্ত্ৰাসবাদীক জম্মু-কাশ্মীৰত গ্ৰেপ্তাৰ  

সাধাৰণ নাগৰিকক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰা ২জন এল ই টি সন্ত্ৰাসবাদীক জম্মু-কাশ্মীৰত গ্ৰেপ্তাৰ  

ৰঙিলী বাৰ্ত্তাসেৱা–   জম্মু-কাশ্মীৰৰ সোপোৰ অঞ্চলত যুটীয়া বেষ্টনী আৰু তালাচী অভিযানৰ পিছত লস্কৰ-ই-তৈবা (এল ই টি)ৰ দুজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হয়। ইমতিয়াজ আহমেদ গানাই আৰু ৱাছিম আহমেদ লোন নামৰ আটককাৰী ব্যক্তিসকলে নিৰাপত্তা বাহিনী আৰু অসামৰিক লোকক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰি আছিল বুলি অভিযোগ কৰা হৈছে। আৰক্ষীয়ে তেওঁলোকৰ পৰা এটা পিষ্টল, আঠটা পিষ্টল ৰাউণ্ড আৰু এটা চীনা হেণ্ড গ্ৰেনেড জব্দ কৰে।