‘সাদৰী কন্যা’ আশ্ৰমত সামগ্ৰী বিতৰণ,ৰমিছা বেগমক সম্বৰ্ধনা

‘সাদৰী কন্যা’ আশ্ৰমত সামগ্ৰী বিতৰণ,ৰমিছা বেগমক সম্বৰ্ধনা

ৰঙিলী বাৰ্ত্তাসেৱা-  আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ‘সাদৰী কন্যা’ আশ্ৰমত লেখিকা ৰমিছা বেগমে আৱাসিকৰ কণ কণ শিশুৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ কৰে৷তাৰ পাছতে আৱাসী কৰ্তৃপক্ষই ৰমিছা বেগমক বিশেষভাৱে সম্বৰ্ধনা জনায়৷ কণ কণ কন্যা শিশুক মাতৃৰ স্নেহেৰে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে অভিনন্দন জনোৱাৰ লগতে নাৰী দিৱসৰ তাৎপৰ্য  সন্দৰ্ভত বেগমে ব্যাখ্যা কৰে৷লগতে শিশুসকলৰ কাৰণে কেক, চকলেট, উকমা বিতৰণ কৰি সন্তুষ্টি প্ৰকাশ কৰে৷অনুষ্ঠানটোত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত অভিযন্তা ইছফাকৰ ৰহমান বৰবৰা,সমাজসেৱী আবিদা ভূঞা আদি৷