সাংস্কৃতিক কৰ্মী দেৱেশ্বৰ কলিতাক সম্বৰ্ধনা

 সাংস্কৃতিক কৰ্মী দেৱেশ্বৰ কলিতাক সম্বৰ্ধনা

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ অসম-মেঘালয় সীমান্তৰ বশিষ্টৰ গণেশ নগৰৰ বাসিন্দা, প্ৰবীণ লেখক-সাংস্কৃতিক কৰ্মী, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম প্ৰদেশ কমিটীৰ উপ-সভাপতি দেৱেশ্বৰ কলিতাক আজি ’পৰাগজ্যোতি প্ৰকাশন’ৰ তৰফৰ পৰা নিজ বাসভৱনত সম্বৰ্ধনা জনোৱা হয়৷প্ৰকাশক, সচিব, সাংবাদিক দীপক শৰ্মাই আঁত ধৰা অনুষ্ঠানত অংশ লৈ অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক, ‘সাহিত্য কোঁৱৰ’ কমল কলিতাই কয়- মানুহৰ মাজত সম্পর্কবোৰ মধুৰ হ’ব লাগে। সম্পর্কই এজন মানুহক শীর্ষ স্থানলৈ উধাব পাৰে। আজিৰ এই শতিকাত মহানগৰবোৰত ইখন ঘৰে সিখন ঘৰক চিনি নোপোৱা হৈ পৰিছে।’অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ আইনজীৱী, লেখক উমাকান্ত বৰাই সাবলীল ভাৱে কয়- পৰাগজ্যোতি প্ৰকাশনৰ মহান প্ৰচেষ্টা, আদৰ্শ শলাগিবলগীয়া। ৰাজ্য চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ শিল্প, ৰেচম, পৰ্যটন বিভাগৰ প্ৰাক্তন অতিৰিক্ত সচিব কনকসেন ডেকা, এগ্রো প্ৰচেচিং কো: অপাৰেটিভ চোচাইটিৰ বিষয়া বেদান্ত বিকাশ শৰ্মা, চিলাৰায় জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰঞ্জনা কলিতা, দেৱৰঞ্জন পাৰ্থজ্যোতিয়ে অংশ গ্ৰহণ কৰে৷