সাংসদ-বিধায়কৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰ প্ৰত্যাহাৰৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ চৰ্ত

pc- DNA India

সাংসদ-বিধায়কৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰ প্ৰত্যাহাৰৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ চৰ্ত

অনলাইন বাৰ্ত্তাসেৱা- দেশত বৰ্তমানৰ আৰু প্ৰক্তান ১২২গৰাকী সাংসদ-বিধায়কৰ বিৰুদ্ধে অপৰাধ সংক্ৰান্তীয় গোচৰ ৰুজু হৈ আছে। উচ্চতম ন্যায়ালয়ে ৰুজু হৈ থকা এই গোচৰ সমূহ দীৰ্ঘদিন ধৰি নিষ্পত্তি নোহোৱাৰ বাবে ক্ষুণ্ণ আৰু উদ্বিগ্নতা ব্যক্ত কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ে সাংসদ-বিধায়কৰ বিৰুদ্ধে ৰুজু হৈ থকা বিভিন্ন গোচৰ চৰকাৰে প্ৰত্যাহাৰৰ ক্ষেত্ৰত কঠোৰ চৰ্তও বান্ধি দিছে। মুখ্য ন্যায়াধীশ এ ভি ৰামানাক মুৰব্বী হিচাপে লৈ গঠিত এখন তিনিজনীয়া খণ্ড বিচাৰপীঠে কঠোৰ নিৰ্দেশনাযোগে স্পষ্ট কৰি দিছে যে বৰ্তমানৰ আৰু প্ৰাক্তন সাংসদ-বিধায়কৰ বিৰুদ্ধে ৰুজু হৈ থকা অপৰাধমূলক গোচৰ চৰকাৰে নিজ ইচ্ছামতে প্ৰত্যাহাৰ কৰিব নোৱাৰিব। সাংসদ বিধায়কৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰ প্ৰত্যাহাৰৰ আগতে সংশ্লিষ্ট চৰকাৰে সংশ্লিষ্ট ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ অনুমোদন লʼব লাগিব। ন্যায়াধীশ দ্বয় ড০ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড় আৰু সূৰ্য কান্ত অন্যতম সদস্য হিচাপে থকা তিনিজনীয়া খণ্ড বিচাৰপীঠে দিয়া ৰায়যোগে স্পষ্ট কৰি দিছে যে কোনো সাংসদ অথবা বিধায়কৰ বিৰুদ্ধে বিসংগতিপূৰ্ণ তদন্তৰ প্ৰক্ৰিয়াৰে ৰুজু কৰা গোচৰ প্ৰত্যাহৰ কৰাটো কোনো ভুল পদক্ষেপ নহয় যদিও সংশ্লিষ্ট গোচৰ প্ৰত্যাহাৰৰ আগতে বিষয়টো সংশ্লিষ্ট ৰাজ্যৰ উচ্চ ন্যায়ালয়ে পুংখানুপুংখভাৱে পৰীক্ষা কৰিব লাগিব।

 

(RT)