সাংবাদিকৰ বাবে সুকীয়া আইন প্রণয়নৰ দাবী সদৌ অসম সাংবাদিক সন্থাৰ

pc Daily Nebraskan

সাংবাদিকৰ বাবে সুকীয়া আইন প্রণয়নৰ দাবী সদৌ অসম সাংবাদিক সন্থাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  সদৌ অসম সাংবাদিক সন্থাই ৰাজ্যৰ বিভিন্ন স্থানত সাংবাদিক নিৰ্যাতনৰ সম্মুখীন হোৱা ঘটনা ৰোধৰ বাবে সাংবাদিকৰ বাবে এখন সুকীয়া আইন প্রণয়ন হ’ব লাগে বুলি চৰকাৰৰ প্রতি আহ্বান জনাই আহিছে। সন্থাটো এই দাবী পুৰণ নোহোৱালৈকে ক্ষান্ত হৈ নাথাকে বুলি মন্তব্য সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নকুল তালুকদাৰৰ। সদৌ অসম সাংবাদিক সহা (আজু)ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নকুল তালুকদাৰৰ। আজি আজাৰাৰ ৰাজহুৱা সভাগৃহত সদৌ অসম সাংবাদিক সন্থাৰ কামৰূপ জিলা সমিতিৰ বাৰ্ষিক সভাত মুখ্য অতিথিৰূপে অংশগ্রহণ কৰি সাধাৰণ সম্পাদক তালুকদাৰে আৰু কয় যে সাংবাদিকসকল একত্ৰিত হৈ নাথাকিলে দুষ্কৃতিকাৰীয়ে সততে সুবিধা গ্ৰহণ কৰে বুলি উল্লেখ কৰি সাংবাদিকসকলক একত্ৰিত হৈ থকাৰ বাবে আহ্বান জনায়। আজুৰ কামৰূপ জিলা সমিতিৰ সভাপতি দিলীপ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত সদৌ অসম সাংবাদিক সন্থাৰ উপদেষ্টা মনোৰঞ্জন ভট্টাচার্যই অংশগ্রহণ কৰি সদৌ অসম সাংবাদিক সন্থাৰ ইতিহাস আৰু লক্ষ্য উদ্দেশ্যৰ বিষয়ে ব্যাখ্যা কৰে।