সাংবাদিকৰ ওপৰত আৰক্ষীৰ আক্ৰমণঃ গুৱাহাটী প্ৰেছ ক্লাবত কৰ্তব্যৰত সাংবাদিকৰ প্ৰতিবাদ

সাংবাদিকৰ ওপৰত আৰক্ষীৰ আক্ৰমণঃ গুৱাহাটী প্ৰেছ ক্লাবত কৰ্তব্যৰত সাংবাদিকৰ প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা- চিৰাং জিলাৰ বাসুগাঁৱৰ প্ৰতিদিন টাইমৰ সাংবাদিক তথা চিৰাং জিলা প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক জয়ন্ত দেবনাথক আৰক্ষীয়ে কৰা আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অসমতে সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত গুৱাহাটীস্থ কৰ্তব্যৰত সাংবাদিকসকলে হাতে হাতে পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে। ঘটনা সন্দৰ্ভত সাংবাদিক হেমন্ত শৰ্মাই কয় যে, কিছুমান কথা সহজভাৱে লৈ থাকোঁতে থাকোঁতে আমি জটিলতাৰ সৈতে যুঁজিবলগীয়া হৈ আছে। কিন্তু এনেকৈ আৰু কিমান দিন? সাংবাদিকক আক্ৰমণ কৰা ঘটনাৰ তৃতীয় স্থানত অসম।ভিন্ন সময়ত সাংবাদিকসকলে, সাংবাদিক সংগঠনে সাংবাদিকৰ নিৰাপত্তাৰ বাবে সূকীয়া আইনৰ দাবী কৰা স্বত্বেও কোনো কাণ-সাৰ নাই। চৰকাৰে প্ৰথমশাৰীৰ কৰ্মী হিচাপে স্বীকৃতি দিলে, কিন্তু দেশৰ ভিতৰতে সাংবাদিকৰ ওপৰত আক্ৰমণ কৰা ঘটনাত অসম তৃতীয়। সোমবাৰে চিৰাং জিলাৰ বাসুগাঁৱত প্ৰতিদিন টাইমৰ স্থানীয় সাংবাদিক জয়ন্ত দেৱনাথক চহৰৰ মাজমজিয়াত প্ৰদীপ সাহা নামৰ বাসুগাঁও আৰক্ষী থানাৰ কনিষ্টবল এগৰাকীয়ে বৰ্বৰভাৱে প্ৰহাৰ কৰিলে। কিছুবছৰ পূৰ্বে মহানগৰীৰ লতাশিল থানাত এগৰাকী মহিলা সাংবাদিকৰ ওপৰতো আৰক্ষীয়ে শাৰীৰিক অত্যাচাৰ কৰিছিল। সৌ সিদিনা আজাৰাত বাতৰি কৰাৰ বাবে লাইটৰ পোষ্টত বান্ধি সাংবাদিকক প্ৰহাৰ কৰিছিল। গুৱাহাটী প্ৰেছ ক্লাবত কৰ্তব্যৰত আন এগৰাকী মহিলা সাংবাদিককো শাৰীৰিকভাৱে অপদস্থ কৰিছিল। কাকপথাৰৰ সাংবাদিক তথা বিশিষ্ট সমাজকৰ্মী পৰাগ ভূঞাৰ ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হোৱা দুটা বছৰ অতিক্ৰম কৰিলে যদিও তাৰ কোনো উচিত ন্যায় নাপালে। তদুপৰি, দিনকদিনে বৃদ্ধি পাই অহা সাংবাদিক নিগ্ৰহৰ ঘটনাৰ বাবে সাংবাদিকৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ নোলোৱাত ক্ষোভ প্ৰকাশ কৰি সাংবাদিকগৰাকীয়ে কয় যে অতি শীঘ্ৰে সাংবাদিকৰ নিৰাপত্তাৰ বাবে সূকীয়া আইনৰ প্ৰণয়ন কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক দাবী জনায়। ইপিনে, জয়ন্ত দেবনাথক আৰক্ষীয়ে কৰা আক্ৰমণৰ ঘটনাত জড়িত বাসুগাঁও আৰক্ষী চকীৰ প্ৰদীপ সাহা আৰু এলাৰ বৰ্মন নামৰ কনিষ্টবল দুজনক কেৱল ৰিজাৰ্ভ ক্লজ কৰি আৰক্ষীয়ে আপাতদৃষ্টিত চমক দিয়া বিষয়টোক ভেকোঁভাওনাহে আখ্যা দি অতিশীঘ্ৰে আৰক্ষীৰ লোকদুজনক নিলম্বন কৰিবলৈ দাবী উত্থাপন কৰে।