সময় – সংযুক্তা দত্ত 

PC - Unspalsh

সময়

সংযুক্তা দত্ত 

: মা , তুমি ভাইটিলৈ মন কৰিছা নে ?
: উম কৰিছোঁ, কিয় সুধিলা ?
: নহয় মানে ! তাৰটো পৰীক্ষা আহি আছে । কিন্তু সি দিনটো লগৰ বিলাকৰ লগতেই কটায় দেখুন ।
: একো নহয় দিয়া কিমান নো ঘৰতে সোমাই থাকিব । অলপ ওলাই যাওঁক ।
: ড্ৰাগছৰ গোচৰত আজি আৰক্ষীয়ে দিন দুপৰতে তিনিজন ল’ৰাক এৰেষ্ট কৰিছে।তাৰ ভিতৰত এজনৰ নাম বিকাশ বৰুৱা।
: মা মই সুধিছিলোঁ নহয় । ভাইটিলৈ মন কৰিছানে বুলি ।