সময় বৰ নিষ্ঠুৰ – কুমুদ চন্দ্ৰ মেধি

সময়ৰ অনুভূতি
সময়ৰ প্ৰেম
আৰু
সময়ৰ প্ৰতিটো স্মৃতি
জীৱন্ত হৈ আছে
মনৰ মণিকোঠত।

সময়ে আজুৰি আনি দিয়া
সৌভাগ্যৰ চিকমিকনি
সময়ে বান্ধোনত মেৰিয়াই
মূমূৰ্ষ সত্বাৰ জীৱনৰ
কঠিন পল।

নোৱাৰে ৰুধিব কোনেও
সময়ৰ সংকেত

সময় তুমি বৰ নিষ্ঠুৰ।